শিৱসাগৰ,25 অক্টোবৰ : শিৱসাগৰৰ ঐতিহাসিক দেৱী দ’লত দেওবাৰে সম্প্ৰীতিৰ পৰম্পৰা ৰক্ষা ৷ 286 বছৰীয়া শক্তি পূজাৰ পৰা বিলোৱা হৈছে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ বতৰা ৷
উল্লেখ্য যে,শিৱসাগৰৰ দেৱী দ’লৰ স্থাপনৰ পৰাই পৰম্পৰাগতভাৱে শক্তি পূজা অনুষ্ঠিত হৈ আহিছে ৷ কৰ’ণা মহামাৰীৰ বাবে এইবাৰ কিছু ভক্তৰ সমাগম হ্ৰাস পোৱা দেখা যায় যদিও দ’ল কমিটিয়ে কৰ’ণা প্ৰট’কল মানি শক্তি পূজা অনুষ্ঠিত কৰে ৷
1734 খ্ৰীষ্টাব্দত স্থাপন হোৱা শিৱসাগৰৰ ঐতিসাহিক দেৱী দ’লে বহন কৰি আহিছে হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ এক উজ্জল নিদৰ্শন ৷ দেৱী দ’ল স্থাপনৰ দিনাৰ পৰাই মহাষ্টমীৰ বলিৰ এটা ভাগ আৰু প্ৰসাদ নৱমীৰ দিনা শিৱসাগৰৰ মুছলমান দৌল্লা পৰিয়াললৈ প্ৰেৰণ কৰা হৈ আহিছে ৷ আজিও সেই পৰম্পৰা অক্ষুন্ন আছে শিৱসাগৰত ।
ধৰ্মীয় অসহিষ্ণুতাৰ সময়ত শিৱসাগৰৰ ঐতিসাহিক দেৱী দ’লৰ এই প্ৰাচীন পৰম্পৰাই আজিও বহন কৰি আছে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এক অনন্য ৰূপ ৷
লগতে পঢ়ক : বাঘেশ্বৰী মন্দিৰত নৱমী পূজা সম্পন্ন