ETV Bharat / state

সুধাকণ্ঠৰ সহশিল্পী গিয়াছুদ্দিন আহমেদৰ দেহাৱসান - ডঃ ভূপেন হাজৰিকা

সোমবাৰে আমগুৰি গাঁও মায়াচুকৰ বাসভৱনত দেহাৱসান ঘটে সুধাকণ্ঠৰ একালৰ সহযোগী গিয়াছুদ্দিন আহমেদৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ ৷

গিয়াছুদ্দিন আহমেদৰ দেহাৱসান
গিয়াছুদ্দিন আহমেদৰ দেহাৱসান
author img

By

Published : Aug 3, 2020, 8:41 PM IST

শিৱসাগৰ, 3 আগষ্ট: বিশ্ববিশ্ৰুত শিল্পী ভূপেন হাজৰিকাৰ একালৰ সহযোগী শিৱসাগৰৰ গিয়াছুদ্দিন আহমেদৰ দেহাৱসান ৷ সোমবাৰে পুৱা আমগুৰি গাঁও মায়াচুকৰ বাসভৱনত শিল্পী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ ৷ সুধাকণ্ঠৰ একালৰ সহযোগী গিয়াছুদ্দিন আহমেদে অসমৰ ভিন্ন প্ৰান্তত তেওঁৰ সৈতে গীত পৰিৱেশন কৰিছিল ৷ ডা৹ ভূপেন হাজৰিকাৰ কালজয়ী গীত 'কুলি কেতেকীয়ে ইনালে বিনালে','শ্যামকানু দূৰলৈ নাযাবা' আদি গীতত তেওঁৰ সহযোগী আছিল শিল্পী গিয়াছুদ্দিন আহমেদ ৷

সুধাকণ্ঠৰ সহশিল্পী গিয়াছুদ্দিন আহমেদৰ দেহাৱসান

আনহাতে সদ্যপ্ৰয়াত শিল্পী গিয়াছুদ্দিন আহমেদে নিজে গীতিকাৰ হিচাপেও ৰচনা কৰি থৈ গৈছে বহু গীত ৷ এগৰাকী নিয়োগ বিষয়া হিচাপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা চিৰকুমাৰ শিল্পী গৰাকীৰ শোকত ম্ৰিয়মান হৈ পৰিছে শিৱসাগৰবাসী ৷ শিৱসাগৰৰ বিভিন্ন মহলে শোক প্ৰকাশ কৰিছে শিল্পীগৰাকীৰ মৃত্যুত ৷

লগতে পঢ়ক: বিশিষ্ট অভিনেতা উদয় শংকৰ শইকীয়াৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.