ETV Bharat / state

ভোটগণনাৰ বাবে সাজু শিৱসাগৰ জিলা প্ৰশাসন

author img

By

Published : Apr 30, 2021, 5:20 PM IST

২ মে' তাৰিখত হ’বলগীয়া ভোটগননাৰ বাবে সম্পূৰ্ণ সাজু শিৱসাগৰ জিলা প্ৰাশাসন ৷ ভোটগণনাত অংশগ্ৰহণ কৰা সকলো লোকৰে ৪৮ ঘণ্টাৰ আগত ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰিছে নিৰ্বাচন আয়োগে ৷

sibsagar-district-administration-ready-for-vote-counting-for-2-may
ভোটগণনাৰ বাবে সাজু শিৱসাগৰ জিলা প্ৰশাসন

শিৱসাগৰ, 30 এপ্ৰিল: সম্পন্ন হৈ যোৱা অসম বিধান সভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ এটা দিন । নিৰ্বাচন আয়োগৰ পৃষ্ঠপোষকতাত জিলাখনৰ শিৱসাগৰ, আমগুৰি আৰু থাওৰা সমষ্টিৰ ভোটগণনাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে শিৱসাগৰ জিলা প্ৰাশাসন ৷

প্ৰায় এমাহ দিন শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষ্ট্ৰংৰুম স্থাপন কৰি ইভিএম সমূহ সুৰক্ষিত কৰি ৰখা হৈছে । ২ মে' তাৰিখে এই বিদ্যালয়তে সম্পন্ন হব তিনি সমষ্টিৰ ভোটগণনা । ইয়াৰ বাবে কৰিবলগীয়া সকলো প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে ।

ভোটগণনাৰ বাবে সাজু শিৱসাগৰ জিলা প্ৰশাসন

আনহাতে এইবাৰ নিৰ্বাচন আয়োগে ভোটগণনা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰা আৰু ভোটগণনাত অংশগ্ৰহণ কৰা সকলো লোকৰে ৪৮ ঘণ্টাৰ আগত ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে । যাৰবাবে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত ক’ভিড পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি ভোট গণনাত অংশ লোৱা বিষয়া-কৰ্মচাৰী,সুৰক্ষা কৰ্মী, সাংবাদিক, প্ৰাৰ্থীৰ এজেণ্ট আদি সকলোৱে ক’ভিড পৰীক্ষা সম্পন্ন কৰিছে ।

ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ প্ৰদৰ্শন নকৰিলে ভোটগণনা কেন্দ্ৰত প্ৰৱেশ নিষিদ্ধ কৰিছে নিৰ্বাচন আয়োগে । ক’ভিড ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে আয়োগে এই ব্যৱস্থা হাতত লৈছে ।

লগতে পঢ়ক : 2021 ৰ বিধানসভা নিৰ্বাচন: দক্ষিণ নিশ্চিত, পূবত এতিয়াও অনিশ্চয়তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.