ETV Bharat / state

ক'ভিড পৰিস্থিতিৰ বাবে বাতিল শিৱসাগৰৰ বিহু অনুষ্ঠান

author img

By

Published : Apr 19, 2021, 3:31 PM IST

প্ৰতি মুহুৰ্ততে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত বাতিল কৰা হৈছে এখন এখনকৈ বিহুৰ অনুষ্ঠান ৷ দেওবাৰে গুৱাহাটীৰ বিহু অনুষ্ঠানসমূহ বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পাচতে সোমবাৰে শিৱসাগৰ নগৰৰ গৌৰৱোজ্জ্বল 24 বছৰত ভৰি দিয়া অন্যতম ৰঙালী বিহু সন্মিলনখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদযাপন সমিতিয়ে ।

ক'ভিড পৰিস্থিতিৰ বাবেই বাতিল শিৱসাগৰৰ বিহু অনুষ্ঠান

শিৱসাগৰ,19 এপ্ৰিল: অসমত মহামাৰী ক'ভিড পৰিস্থিতিয়ে ক্ৰমাৎ ভয়াৱহ দিশে গতি কৰিছে । প্ৰতি মুহুৰ্ততে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে সৰ্ব সাধাৰণ ৰাইজ ৷ ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । তাৰ মাজতে ৰাজ্যত অনুষ্ঠিত হৈছিল হেঁপাহৰ ৰঙালী বিহুটি ৷ যিহেতু বিগত বছৰত ক'ভিড পৰিস্থিতিৰ বাবে অসমীয়াই বিহু পাতিব পৰা নাছিল, সেয়ে এইবেলি ঠায়ে ঠায়ে ৰাজ্যবাসীয়ে অনুষ্ঠিত কৰিছিল বিহুৰ অনুষ্ঠান ৷ কিন্তু পুনৰ সমগ্ৰ দেশত কৰ’ণা মহামাৰীয়ে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰাত শংকিত হৈ পৰিছে ৰাইজ ৷

বিহুৰ বতৰত এনেকৈ কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাত অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ'বলগীয়া বিহু সন্মিলনীসমূহে এখন এখনকৈ বাতিল কৰি গৈছে বিহুৰ অনুষ্ঠান ৷ দেওবাৰে গুৱাহাটীৰ বিহু অনুষ্ঠানসমূহ বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পাচতে উজনি অসমৰ অন্যতম আগশাৰীৰ বিহু সন্মিলন চেপনৰ বিহু সন্মিলনীয়ে বাতিল কৰিলে বিহুৰ সকলো অনুষ্ঠান ৷ তাৰ পাচতে সোমবাৰে শিৱসাগৰ নগৰৰ গৌৰৱোজ্জ্বল 24 বছৰত ভৰি দিয়া অন্যতম মূল বিহু সন্মিলন সন্মিলিত ৰঙালী বিহু সন্মিলনখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদযাপন সমিতিয়ে ।

উল্লেখ্য যে, 6,7 আৰু 8 মে'ত অনুষ্ঠিত হ'বলগীয়া বিহুখনৰ সদস্যসকলে এক জৰুৰী সভা অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰাৰ লগতে বিহু উদযাপনৰ বাবে সংগ্ৰহ কৰা বৰঙণিসমূহ সংশ্লিষ্ট মহলক ঘূৰাই দিব বুলিও জানিব দিছে ৷

লগতে পঢ়ক: গুৱাহাটীত অনুষ্ঠিত কৰিব নোৱাৰিব বিহুৰ অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.