ETV Bharat / state

লুণ্ঠনৰ অভিযোগ শিৱসাগৰৰ শিৱদৌলত - শিৱৰাত্ৰি আয়োজন

শিৱৰাত্ৰীৰ নামত শিৱসাগৰৰ শিৱ দৌল উন্নয়ণ সমিতিৰ বিৰুদ্ধে উঠিছে লুণ্ঠনৰ অভিযোগ ৷ ক্ষুদ্ৰ ব্যৱসায়িক মাধমাৰ দিয়াৰ অভিযোগ উন্নয়ণ সমিতিৰ বিৰুদ্ধে ৷ শিৱৰাত্ৰী উপলক্ষে অনুষ্ঠিত হ’বলগীয়া মেলাৰ বাবে অস্থায়ী দোকান আৱন্টনত শিৱ দৌল উন্নয়ণ সমিতিয়ে ক্ষুদ্ৰ ব্যৱসায়ীক নিলামৰ দ্বাৰা প্ৰকৃত মূল্যতকৈ বহু বেছি দৰত দোকান আৱণ্টন দিয়াৰ অভিযোগ উঠিছে ৷

Shivraatri mela in Sivsagar Shivdoul
লুণ্ঠনৰ অভিযোগ শিৱসাগৰৰ শিৱদৌলত
author img

By

Published : Feb 18, 2020, 5:25 PM IST

শিৱসাগৰ, 18 ফেব্ৰুৱাৰীঃ সমাগত শিৱৰাত্ৰী ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আহোম স্বৰ্গদেউ শিৱ সিংহৰ দিনত নিৰ্মাণ হোৱা শিৱ দৌল ভক্তপ্ৰাণ ৰাইজৰ মাজৰ এক অন্যতম আস্থাৰ প্ৰতীক ৷ এনে আস্থাৰ বিৰাট প্ৰতিফলন ঘটে মহা শিৱৰাত্ৰীৰ সময়ত ৷ এই শিৱৰাত্ৰীৰ সময়ত লাখ লাখ ভক্তৰ সমাগম হয় শিৱ দৌলত ৷ অহা 20 ফেব্ৰুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া শিৱৰাত্ৰী আয়োজনৰ প্ৰস্তুতি চলিছে পূৰ্ণ গতিত ৷ কিন্তু এই শিৱৰাত্ৰীৰ নামত শিৱ দৌল উন্নয়ণ সমিতিৰ বিৰুদ্ধে উঠিছে লুণ্ঠনৰ অভিযোগ ৷ ক্ষুদ্ৰ ব্যৱসায়িক মাধমাৰ দিয়াৰ অভিযোগ উন্নয়ণ সমিতিৰ বিৰুদ্ধে ৷ শিৱৰাত্ৰী উপলক্ষে অনুষ্ঠিত হ’বলগীয়া মেলাৰ বাবে অস্থায়ী দোকান আৱন্টনত দৌল উন্নয়ণ সমিতিয়ে ক্ষুদ্ৰ ব্যৱসায়ীক নিলামৰ দ্বাৰা প্ৰকৃত মূল্যতকৈ বহু বেছি দৰত দোকান আৱণ্টন দিয়াৰ অভিযোগ উঠিছে ৷ এই মেলাৰ বাবে উন্নয়ণ সমিতিয়ে নিৰ্মাণ কৰিছে 520 খন অস্থায়ী দোকানৰ ৷ এই অস্থায়ী দোকানবোৰৰ আকাৰ অনুযায়ী নিৰ্ধাৰণ কৰিছে দৰ ৷

লুণ্ঠনৰ অভিযোগ শিৱসাগৰৰ শিৱদৌলত

কিন্তু ব্যৱসায়ীসকলৰ আৱেদনৰ ভিত্তিত এইসমূহ দোকান লটাৰীযোগে বিতৰণ কৰাৰ বিপৰীতে দৌল উন্নয়ণ সমিতিয়ে দোকানসমূহ নিলামৰ দ্বাৰা বিতৰণ কৰিছে ৷ যাৰ ফলত একো একোখন দোকানৰ নিৰ্দিষ্ট দৰৰ বিপৰীতে নিলামৰ জৰিয়তে চাৰি-পাঁচগুণ অধিক দৰত ক্ৰয় কৰিবলৈ বাধ্য কৰাইছে ব্যৱসায়ীসকলক ৷ ব্যৱসায়ীসকলে প্ৰয়োজনতকৈ অধিক দৰত ক্ৰয় কৰিবলগীয়া হোৱাত সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ লগতে মেলাখনৰ বৈশিষ্ট্য আৰু আকৰ্ষণ লাঘৱ কৰা বুলিও অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ সামান্তৰালভাৱে আকৌ শিৱসাগৰ জিলা প্ৰশাসনে মেলাৰ মুঠ অস্থায়ী দোকানৰ 50 খন দোকান প্ৰশাসনক প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ৷ এই দোকানসমূহৰ মূল্য কোনে প্ৰদান কৰিব এই 50 খন দোকান কিদৰে বিতৰণ কৰা হ'ব এই বিষয় নিশ্চিত নকৰাকৈ এনেদৰে জিলা প্ৰশাসনে দোকান প্ৰশাসনক দিবলৈ নিৰ্দেশ দিয়াত বিপদত পৰিছে আয়োজক সমিতি ৷

আৰু পঢ়কঃধিঙত পুনৰ মুকলিৰ পথত চেক ক্ৰাফট কাগজ প্ৰকল্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.