ETV Bharat / state

মনোবাঞ্ছা পূৰণৰ বাবে আশীষ বিচাৰি শিৱদৌলত ভক্তৰ ভিৰ

সোমবাৰৰ পৰা দেশজুৰি হিন্দুধৰ্মী লোকসকলে উদযাপন কৰিছে মহা শিৱৰাত্ৰি ৷ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলতো আৰম্ভ হৈছে শিৱৰাত্ৰি মহোৎসৱ । আগমন ঘটিছে লাখ লাখ ভক্তৰ (Shivaratri Mahotsav celebrated in Sivasagar Sivadol) ৷

shivaratri-mahotsav-celebrated-in-sivasagar-sivadol
মহা শিৱৰাত্ৰি উপলক্ষে ঐতিহাসিক শিৱদৌলত শিৱৰাত্ৰী মহোৎসৱৰ আয়োজন
author img

By

Published : Mar 1, 2022, 12:42 PM IST

শিৱসাগৰ, 1 মাৰ্চ : ভোলানাথৰ উপাসনাৰ উদ্দেশ্যৰে প্ৰতি বছৰে পালন কৰি অহা হয় মহা শিৱৰাত্ৰি (Shivaratri Mahotsav celebrated in Sivasagar Sivadol) । হিন্দু দিনপঞ্জী অনুসৰি প্ৰতি মাহৰ ত্ৰয়োদশ নিশা অৰ্থাৎ চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰি তিথি পৰে । কিন্তু বছৰত এবাৰকৈ ফাগুণ মাহত আয়োজন কৰা হয় মহা শিৱৰাত্ৰি ।

দেশ অথবা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলতো মহা শিৱৰাত্ৰি উপলক্ষে সোমবাৰৰ পৰা আৰম্ভ হৈছে শিৱৰাত্ৰি মহোৎসৱ । ১৭৩৪ খ্ৰীষ্টাব্দত বৰ ৰজা অম্বিকাই নিৰ্মাণ কৰা এই শিৱদৌলত সেই সময়ৰ পৰাই অনুষ্ঠিত হৈ আহিছে শিৱপূজা । ঐতিহাসিক শিৱদৌলত ৰাজহুৱা শিৱ পূজাই শতিকা অতিক্ৰম কৰিছে ।

মহা শিৱৰাত্ৰি উপলক্ষে ঐতিহাসিক শিৱদৌলত শিৱৰাত্ৰী মহোৎসৱৰ আয়োজন

শিৱসাগৰ নগৰৰ ঐতিহাসিক শিৱদৌলৰ এক অপৰিসীম গুৰুত্ব আছে । বিশ্বাস আৰু ভক্তিক কেন্দ্ৰ কৰি শিৱ পূজাৰ মাংগলিক ক্ষণ মঙলবাৰে নিশা ১.৩০ বজাৰ পৰা আৰম্ভ হৈ বুধবাৰে নিশা ১২.৫৭ বজাত অন্ত পৰিব । সোমবাৰে শিৱসাগৰ জিলা উপায়ুক্ত মেঘনিধি দাহালে বন্তি প্ৰজ্বলন কৰি পূজাৰ আনুষ্ঠানিকতা আৰম্ভ কৰে ।

অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তই অংশগ্ৰহণ কৰিবলগীয়া এই উৎসৱক লৈ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে উদ্যোক্তা সমিতিয়ে । ৫০০ ৰো অধিক স্বেচ্ছাসেৱী, চিচিটিভি কেমেৰা, আৰক্ষীৰ দল আদিও সাজু কৰি তুলিছে শিৱসাগৰ জিলা প্ৰশাসনে ।

লগতে পঢ়ক : Maha Shivratri at Shivadol : শিৱসাগৰৰ শিৱৰাত্ৰী মহোৎসৱৰ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.