ETV Bharat / state

Agarwood Farming: সাঁচিখেতিৰে স্বাৱলম্বী আমগুৰি বৰাহীবাৰীৰ কৃষক নৃপেন তামুলী

author img

By

Published : Apr 20, 2023, 10:29 AM IST

সাঁচিখেতিৰে উজ্বলিছে শিৱসাগৰ জিলাৰ বৰাহীবাৰী মাউৎ গাঁৱৰ সাঁচি খেতিয়ক নৃপেন তামুলী ৷ ৫০০০ সাঁচিপুলি ৰোপন কৰি অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ প্ৰচেষ্টা চলাইছে নৃপেন তামুলীয়ে (Agarwood Farming in Amguri) ৷

Agarwood Farming in Sivasagar
সাঁচিখেতিৰে স্বাৱলম্বী আমগুৰিৰ কৃষক
সাঁচিখেতিৰে স্বাৱলম্বী আমগুৰি বৰাহীবাৰীৰ কৃষক নৃপেন তামুলী

আমগুৰি, 20 এপ্ৰিল: গ্ৰামাঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত কৃষকসকলৰ ভূমিকা অপৰিসীম ৷ অসমৰ কৃষকে ৰোপন কৰা সাঁচিগছৰ গুণাগুণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এখন বিশেষ বজাৰ দখল কৰি আহিছে ৷ উজনি অসমৰ শিৱসাগৰ জিলা সাঁচিখেতিৰ কাৰণে অন্ত্যন্ত উপযোগী ৷ জিলাখনৰ নামতি, মিছাজান, বৰাহীবাৰী, পুলিবড়, লালিম ছিগা, দোপদৰ আদি অঞ্চলৰ সাঁচিগছৰ পৰা উৎপাদিত অগৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ ভূমিকা গ্ৰহণ কৰিছে (Agarwood Farming in Sivasagar) ৷

ৰাজ্য চৰকাৰে সাঁচি ব্যৱসায় মুকলি কৰি দিয়াৰ পিচতে অসমৰ হাজাৰ হাজাৰ সাঁচিখেতি কৰা কৃষকৰ মাজত সন্তুষ্টিৰ হাঁহি বিৰিঙিছে ৷ সাঁচিখেতিৰে শিৱসাগৰ জিলাৰ বৰাহীবাৰী মাউৎ গাঁৱৰ সাঁচি খেতিয়ক নৃপেন তামুলী এতিয়া চৰ্চিত হৈ পৰিছে ৷ কৃষিবৈজ্ঞানিক পদ্ধতিৰে ৫০০০ সাঁচিপুলি ৰোপন কৰি অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ প্ৰচেষ্টা চলাইছে নৃপেন তামুলীয়ে ৷ পাঁচ হাজাৰ জোপা সাঁচি গছৰ লগতে তিনিশ জোপাৰ অধিক তামোল গছ আৰু কাজি নেমু , ভোট জলকীয়া আদিৰ খেতিৰে কৃষকজনে কলাসুলভ মনৰ নিদৰ্শন দাঙি ধৰিছে ৷ বাৰীখনত শাৰী শাৰীকৈ ৰোপন কৰা সাঁচি, তামোল আৰু কাজি নেমুৰ গছবোৰে এক সুন্দৰ পৰিবেশৰ সৃষ্টি কৰিছে (Agarwood Farming in Amguri) ৷

নিজহাতেৰে নৃপেন তামুলী আৰু তেওঁৰ সহধৰ্মিনীয়ে এই বাৰীখন গঢ়ি তুলিছে ৷ চৰকাৰী চাকৰিবিহীন পৰিয়ালটোৱে কৃষি কাৰ্যৰ জৰিয়তে সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিছে ৷ প্ৰচুৰ একাগ্ৰতা, ধৈৰ্য আৰু উদ্যমৰ বলত অসহজসাধ্য কামো যে সহজসাধ্য হয় তাকেই প্ৰমাণ কৰি দেখুৱাইছে এইগৰাকী কৃষকে ৷ নৃপেন তামুলীৰ বহুতৰপীয়া বাৰীখন এখন উদ্ভিদ উদ্যানৰ দৰে ৷ ভোট জলকীয়া, কল, কাজি নেমু, তামোল, আদা, হালধি খেতিৰে ভৰপূৰ বাৰীখনে হাত বাউল দি মাতে পথচাৰীসকলক (Agarwood Cultivation in Assam) ৷

ছয় বিঘাৰ মাটিকালিৰে আৱৰা কৃষিবাৰীখন ১৯৯৯ চনতে ২০০০ জোপা সাঁচিগছ, ২০০ জোপা তামোল, ২০জোপা মালভোগ কল, ৫০ জোপা কাজি নেমুৰে আৰম্ভ কৰিছিল ৷ বৰ্তমান বাৰীখনত তেখেতৰ সাঁচি গছ আছে ৫০০০ জোপা, ৪০০ জোপা তামোল, ৫০ জোপা মাল-ভোগ কল ৷ তাৰোপৰি এনে খেতিৰ লগতে তেখেতৰ বাৰীত আদা, হালধি, কচুৱেও ভৰি আছে ৷ বহুতৰপীয়া বাৰীখনৰ পৰা প্ৰত্যেক বৰ্ষৰ বাৰ্ষিক উপাৰ্জন প্ৰায় ৬/৭ লাখ টকা ৷ বিশেষকৈ ভোট জলকীয়া খেতিৰ পৰাই প্ৰতি বছৰে উপাৰ্জন কৰে প্ৰায় ১ লাখ টকা ৷

এইসমূহৰ উপৰিও নৃপেন তামুলীয়ে আম,কঠাল,ডালিম আদিকে ধৰি বিভিন্ন উদ্যান শস্যৰ খেতি কৰি আহিছে ৷ নৃপেন তামুলী এজন মৌ পালকৰ লগতে পশু পালকো ৷ তেওঁৰ দুজনী জাৰ্চি গৰু আছে, যাৰ পৰা তেওঁ গাখীৰ আৰু গোবৰ দুয়োটা আহৰণ কৰে ৷ নৃপেন তামুলী প্ৰকৃত অৰ্থত এজন প্ৰগতিশীল কৃষক ৷ এইগৰাকী কৃষকক শিৱসাগৰ জিলা প্ৰশাসনে শ্ৰেষ্ঠ কৃষকৰ সন্মানো প্ৰদান কৰিছে ৷ গ্ৰামাঞ্চলত অৰ্থনৈতিক বুনিয়াদ গঢ়ি উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শনীয় হৈ উঠা নৃপেন তামুলী প্ৰকৃতাৰ্থত এজন প্ৰগতিশীল কৃষক ৷

লগতে পঢ়ক: Exceptional forest worker: গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী ব্যতিক্ৰমী বনকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.