শিৱসাগৰ, 28 ছেপ্তেম্বৰ: সোমবাৰে কৃষি আইনৰ বিৰোধিতাৰে শিৱসাগৰৰ দ'লমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ৷ কৃষি আইন ২০২০ ৰ প্ৰতিলিপি দাহ কৰি সংগঠনটোনে সাব্যস্ত কৰে প্ৰতিবাদ ৷
বিজেপি চৰকাৰক বেপাৰী আখ্যা দি তেওঁলোকে ইতিমধ্যে ভাৰতবৰ্ষৰ সকলো সম্পত্তি বিক্ৰী কৰি সৰ্বসাধাৰণ ৰাইজক হত্যা কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ ইতিমধ্যে তিনিওখন কৃষি বিধেয়কক আইনলৈ ৰূপান্তৰিত কৰি কৃষক সকলকো হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী সংগঠনটো চৰকাৰৰ এনে কাৰ্যৰ সম্পূৰ্ণ বিৰুদ্ধে বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ বিৰোধিতাৰে অসমৰ লগতে সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হ'ব বুলি সকীয়নি প্ৰদান কৰে ৷
লগতে পঢ়ক: স্বায়ত্ত্ব শাসিত পৰিষদৰ দাবীৰে মেচ-কছাৰী জাতীয় পৰিষদৰ প্ৰতিবাদ