ETV Bharat / state

Sati Joymoti drama: আমগুৰিত মহিলাই পৰিবেশন কৰিব সতী জয়মতী নাট - Joymoti Divas celebration in Assam

শিৱসাগৰ জিলাৰ আমগুৰিত মহিলাৰ দ্বাৰা পৰিৱেশন কৰা হ'ব সতী জয়মতী নাটক (Sati Joymoti drama play by ladies) । 6 এপ্ৰিলত জয়মতীৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনাই এই নাটক পৰিৱেশন কৰিবলৈ লৈছে পূৱেৰুণ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ে ৷

sati joymoti drama
মহাসতী জয়মতী নাটক
author img

By

Published : Apr 6, 2023, 6:07 PM IST

মহাসতী জয়মতী নাটক

আমগুৰি, 6 এপ্ৰিল: ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাসতী জয়মতীক স্মৰণ কৰিবৰ কাৰণে "জয়মতী দিৱসৰ" ব্যাপক প্ৰস্তুতি চলিছে । শিৱসাগৰ জিলাৰ আমগুৰিৰ বিভিন্ন অঞ্চলতো চলিছে মহাসতী জয়মতী দিৱসৰ প্ৰস্তুতি । জয়মতীৰ ত্যাগ আৰু আত্মবলিদানৰ যি নিদৰ্শন, সেই নিদৰ্শনক সুঁৱৰি প্ৰতি বছৰে চ'ত মাহত পালন কৰি অহা হৈছে জয়মতী দিৱস (Joymoti Divas celebration in Assam) ৷

শিৱসাগৰ জিলাৰ আমগুৰিত মহিলাৰ দ্বাৰা পৰিৱেশন কৰিবলৈ লোৱা হৈছে মহাসতী জয়মতী নাটক । ত্ৰিশগৰাকী মহিলাই মঞ্চস্থ কৰিব এই মহাসতী জয়মতী নাটক । পূৱেৰুণ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ উদ্যোগত মহিলাসকলে মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে মহাসতী জয়মতী নাটকখন (Sati Joymoti drama at Amguri) ।

জয়মতীৰ অমৰ দেশপ্ৰেম আৰু স্বামী ভক্তিৰ নিদৰ্শনক স্মৰণ কৰিবৰ কাৰণে ৬ এপ্ৰিলৰ সন্ধিয়া মঞ্চত উপস্থাপন কৰিব নাটকখনি । অসম বুৰঞ্জীৰ উল্লেখনীয় চৰিত্ৰ তথা চাওদাঙৰ শাস্তি খাই মৃত্যুবৰণ কৰা জয়মতী চৰিত্ৰ আৰু জয়মতী নাটকখনি প্ৰত্যেক বছৰে চ'ত মাহত অসমৰ বিভিন্ন প্ৰান্তত মঞ্চস্থ হৈ আহিছে (Joymoti Konwari from Ahom kingdom) ।

আমগুৰিৰ পূৱেৰুণ সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অভিভাৱক-অভিভাৱিকাসকলৰ সহযোগত পূৱেৰুণ শিল্পী সমাজৰ উদ্যোগত আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহিলাসকলে প্ৰদৰ্শন কৰিব মহাসতী জয়মতী নাটক (Sati Joymoti drama at Amguri) ।

কাৰ্যসূচী অনুসৰি আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সন্ধ্যা স্মৃতি তৰ্পণ কৰিব কমলা বৰাই । বক্তৃতা প্ৰদান কৰিব আমগুৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা কৃষ্ণা দত্ত শইকীয়াই । সাংস্কৃতিক সন্ধ্যা তথা জয়মতী নাট উদ্বোধন কৰিব শিৱসাগৰ নাট্যপীঠৰ অধ্যক্ষ প্ৰশান্ত শৰ্মাই । উক্ত অনুষ্ঠানতে অমূল্য কাকতী সোঁৱৰণী বঁটা প্ৰাপক প্ৰশান্ত শৰ্মাক সম্বৰ্ধনা জনাব উদযাপন সমিতিয়ে (Sati Joymoti drama play by ladies) ।

শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত জয়মতীক কোটকোৰা গছত বান্ধি চাওদাঙে নিৰ্মম শাস্তি প্ৰদান কৰিছিল । জয়মতীৰ স্বামী গদাপাণিৰ সম্ভেদ নিদিয়াৰ বাবে অত্যাচাৰী আহোম সেনাপতি লালুকসোলা বৰফুকনৰ নিৰ্দেশত চাওদাঙে শাস্তি দিছিল । গদাপাণিৰ সম্ভেদ নিদিয়াৰ কাৰণেই জয়মতীক মৃত্যুদণ্ড দিয়া হৈছিল ৷ কিন্তু মৃত্যু পৰ্যন্ত জয়মতীয়ে দেশৰ স্বাৰ্থত, অত্যাচাৰী ৰজাৰ পৰা প্ৰজাৰ মুক্তিৰ স্বাৰ্থত গদাপাণিৰ সম্ভেদ দিয়া নাছিল । এনে মহান ত্যাগ আৰু আত্মবলিদানৰ বাবেই জয়মতী অসম বুৰঞ্জীৰ এটা উল্লেখনীয় চৰিত্ৰ (Joymoti konwari in Assamese) ।

লগতে পঢ়ক : Assam Chief Information Commissioner: ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাবে দায়িত্ব গ্ৰহণ ভাস্কৰজ্যোতি মহন্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.