ETV Bharat / state

সোণাৰিৰ বেঙেনাবাৰী পঞ্চায়তত ৰাইজৰ সাহাৰ্যৰ বাবে অহা চাউল চুৰি

author img

By

Published : Aug 12, 2020, 12:57 PM IST

সোণাৰিৰ বেঙেনাবাৰী পঞ্চায়তত চাউল চুৰি কাণ্ড ৷ সোমবাৰে চুৰ হয় বেঙেনাবাৰী পঞ্চায়তৰ কাষৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ গুদামত মজুত ৰখা দহ বস্তা চাউল ৷ ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে ঘটনা সন্দৰ্ভত ৷ পঞ্চায়ত কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এনে চুৰি কাণ্ড সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

rice-theft-from-sonari-begenabari-panchayat
সোণাৰিৰ বেঙেনাবাৰী পঞ্চায়তত ৰাইজৰ সাহাৰ্যৰ বাবে অহা চাউল চুৰি

সোণাৰি,12 আগষ্টঃ সোণাৰিৰ বেঙেনাবাৰী পঞ্চায়তত চাউল চুৰি কাণ্ড সংঘটিত। পঞ্চায়তৰ গুদামত মজুত ৰখা দহ বস্তা চাউল লৈ চোৰ উধাও। ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰক্ষীৰ ওচৰত ৷ পঞ্চায়ত কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই চাউল চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

জানিব পৰা মতে,পঞ্চায়তৰ অন্তৰ্গত ৰেচন কাৰ্ড নথকা লোকসকললৈ ২৮ জুলাইতে সাহাৰ্যৰ চাউল আনি পঞ্চায়ত কাৰ্যালয়ৰ কাষৰ দৈচলং ৰাজহুৱা প্ৰেক্ষাগৃহত মজুত কৰি ৰখা হৈছিল আৰু তাৰ পৰাই প্ৰতিদিনে হিতাধিকাৰীসকলক চাউল বিতৰণ কৰি থকা হৈছিল। কিন্তু কোনো ধৰণৰ পহৰাদাৰীৰ ব্যৱস্থা নকৰা বাবেই সোমবাৰৰ নিশা প্ৰেক্ষাগৃহৰ গুদামৰ পৰাই দহ বস্তা চাউল চুৰি হয় । বুধবাৰে পুৱা পঞ্চায়ত কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজে এই কথা জানিব পাৰি ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃবিতৰ্কিত ফেচবুক পোষ্টৰ বাবে অধ্যাপকৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.