শিৱসাগৰ, ১৫ এপ্ৰিল : ৰঙালীৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে সমগ্ৰ ৰাজ্য । সমগ্ৰ ৰাজ্য কঁপি উঠিছে ঢোল-পেঁপাৰ মাতত (Rangali Bihu 2023) । পৰম্পৰা ৰীতি-নীতি পালন কৰি শুকুৰবাৰে ৰাজ্যবাসীয়ে পালন কৰিলে গৰু বিহু । মাহ-হালধিৰে নোৱাই-ধুৱাই, সন্ধিয়া তৰালী পঘাৰে গোহালিত বান্ধি গো-ধনৰ শ্ৰী-বৃদ্ধি কামনা কৰিলে কৃষিজীৱি অসমীয়াই । আৰু আজি পহিলা ব'হাগ ।
অসমীয়াৰ আয়ুস ৰেখা বাপতি সাহোন ৰঙালী বিহুৰ আজি মানুহ বিহু । অসমীয়া সংস্কৃতিৰ পৰম্পৰা অনুসৰি আজিৰ দিনটোত প্ৰতিজন অসমীয়াই পুৱা সেৱা কৰ্ম কৰি জ্যেষ্ঠজনক সন্মান জনায় । তাৰ পাচতে আৰম্ভ হয় ৰঙালীৰ পাৰ ভঙা উচাহ । যেতিয়া এই উচাহ ৰংপুৰত হয়, তেতিয়া এয়া হয় সোণত সুৱগা চৰা ।
শনিবাৰে ৰংপুৰৰ ৰংঘৰৰ বাকৰিত দেখা গ'ল এনে এক পৰিৱেশ (Rangali Bihu celebrates in Sivsagar) । সদৌ টাই আহোম ছাত্র সন্থাৰ উদ্যোগত ৰংঘৰৰ বাকৰিত আয়োজন কৰা পঞ্চদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু সন্মিলনত ৰংঘৰ গুমগুমাই উঠিল ঢোলৰ চাপৰত । বাকৰিৰ ঘাঁহ মৰিল নাচনীৰ গচকত । ৰংপুৰ ৰঙীন হ'ল সংস্কৃতিৰ সমাহাৰত । অতীত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি তলাতল ঘৰৰ পৰা হাতীত উঠি স্বৰ্গদেউ আহি ৰংঘৰত বিৰাজ কৰাৰ পাচতে ৰংপুৰৰ ৰঙৰ মেলা আৰম্ভ হয় (Bihu celebration across Assam) ।
বৃহত্তৰ অসমীয়া সংস্কৃতি প্ৰদৰ্শিত হয় ৰংঘৰত । কেৱল নৃত্য-গীতেই নহয় পহিলা ব'হাগত ৰংঘৰ বাকৰিত দেখা গ'ল বিভিন্ন খেল ধেমালি । মল্লযুঁজকে আদি কৰি বিভিন্ন খেল আজি ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হয় । এনে এক বৰ্ণিল পৰিৱেশত ৰঙালীক উপভোগ কৰে সহস্ৰাধিক ৰংপুৰীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে (Assamese New Year) ।
উল্লেখ্য যে, ৰঙালী বিহুৰ সাত বিহু পালন কৰিছে অসমীয়া ৰাইজে (Significance of Assamese Rangali Bihu) । চ'তৰ শেষৰ দিনা গৰু বিহু উদযাপন কৰাৰ পাচতেই ব'হাগৰ প্ৰথম দিনা অর্থাৎ ১ তাৰিখে মানুহৰ বিহু পালন কৰিছে, কালিলৈ দিনা গোঁসাই বিহু উপলক্ষে এই দিনটোত ভগৱানৰ ওচৰত ধূপ-দ্বীপ, নৈবদ্যৰে প্ৰাৰ্থনা কৰা হ'ব ৷ ৩ ব'হাগৰ দিনা তাঁতৰ বিহু, ৪ ব'হাগত নাঙলৰ বিহু, ৫ ব'হাগৰ দিনা জীয়ৰী বা চেনেহী বিহু আৰু ৬ ব'হাগত চেৰা বিহু পালন কৰা হ'ব ।