শিৱসাগৰ,২০ জুন: আজি বিষ্ণু ৰাভা দিৱস (Bishnu Rabha divas celebrations in Assam) । সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যুৰ দিন । চহা অসমীয়াৰ স্বাভিমানৰ হকে যুঁজ দিয়া এইগৰাকী সংগ্ৰামী শিল্পীৰ অসমীয়া জনজীৱন-অসমীয়া সংস্কৃতিলৈ বৃহৎ অৱদান আছে । যাৰ বাবে ৰাভাক অসমীয়া সমাজে কলাগুৰু আখ্যা দিয়ে । সংগীত, নাটক, চিত্ৰকলা, নৃত্যৰ লগতে সমাজ আৰু ৰাজনৈতিক জীৱনতো সক্ৰিয় আছিল ৰাভা ।
বিষ্ণু প্ৰসাদ ৰাভাই কমিউনিষ্ট আদৰ্শৰে পৰিপুষ্ট হৈ চহা অসমীয়াৰ হকে মাত মাতি আহিছিল । সোমবাৰে বিষ্ণু ৰাভা দিৱস উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তত এইগৰাকী অন্যতম শ্ৰেষ্ঠ অসমীয়াক স্মৰণ কৰা হৈছে । ৰাজ্যবাসীয়ে স্মৰণ কৰিছে তেওঁৰ দেশ-জাতিৰ প্ৰতি অৱদান(Remembering Bishnu Rabha in Assam) । ৰোমন্থন কৰা হৈছে ৰাভাৰ সৃষ্ট কলা-সংস্কৃতি ।
কিন্তু ইয়াৰ মাজতে শিৱসাগৰত আহোম সেনাৰ উদ্যোগত ৰাভা দিৱস উপলক্ষে এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন হয় । এই অনুষ্ঠানত নাই ৰাভাৰ সৃষ্টি সমূহৰ ন-ন বিশ্লেষণ, কিন্তু আছে ৰাভাই দেখুৱাই যোৱা পথৰ সন্ধান । বিষ্ণু ৰাভাই চহা সকলক লৈ দেখা সপোন পুনৰ সোঁৱৰাই দিছে আহোম সেনাই ।
"পথাৰ থাকিলেহে জাতি থাকিব", ৰাভাৰ এই লক্ষ্য আগত লৈ সোমবাৰে ৰাভা দিৱস উপলক্ষে আহোম সেনাই কৃষকৰ মাজত বিতৰণ কৰে কৃষিৰ বিভিন্ন সঁজুলি । ফচল উৎপাদনৰ মাজেৰে চহাৰ উত্তৰণৰ সপোন দেখা ৰাভাৰ লক্ষ্যক আগবঢ়াই নিবলৈ আহোম সেনাই এই বিশেষ দিনটোত চহা সমাজৰ প্ৰতি আহ্বান জনায় ।
পথাৰৰ সোণগুটিৰে ভঁৰাল উপচি থাকিলেহে অসমীয়াৰ স্বাভিমান অক্ষত থাকিব । জীয়াই থাকিব জাতিৰ সত্বা । অসমীয়াৰ মান আৰু মৰ্যদাক লৈ আপোচ নকৰা বিষ্ণু প্ৰসাদ ৰাভাক মূৰৰ ঘাম পেলাই পথাৰ শুৱনি কৰিলেহে জীয়াই ৰাখিব পৰা যাব বুলি আহোম সেনাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ নাজিৰাতো শিৱসাগৰ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থা আৰু নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আজি বিষ্ণু ৰাভা দিৱস পালন কৰা হয় । এই উপলক্ষে নাজিৰা মহাবিদ্যালয়ত আয়োজিত ৰাভা দিৱসত বিষ্ণু ৰাভাৰ জীৱন,আদৰ্শ আৰু ৰচনাৱলী বিষয়ক শিৱসাগৰ আৰু চৰাইদেউ জিলা ভিত্তিত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা আয়োজন কৰে উদ্যোক্তা সকলে ৷
লগতে পঢ়ক: বাক্সা জিলাৰ বৰমাত কলাগুৰু বিষ্ণু ৰাভা দিৱস উৎযাপন