ETV Bharat / state

ঐতিহাসিক দেৱী দৌলত ভক্তৰ লানি নিছিগা শাৰী - ঐতিহাসিক দেৱী দৌলত ভক্তৰ লানি নিছিগা শাৰী

৩০০ বছৰীয়া ইতিহাসৰ সাক্ষী ঐতিহাসিক দেৱী দৌলত আগৰ দৰেই ভক্তৰ লানি নিছিগা সোঁত ৷ দুৰ্গা পূজাৰ সকলোতকৈ পৱিত্ৰতম ক্ষণৰ সাক্ষী হ'বৰ বাবে পুৱাৰে পৰা পূজাস্থলীত নৈবেদ্যসহ উপস্থিত ভক্তপ্ৰাণ ৰাইজ ৷

দেৱী দৌলত অষ্টমীৰ বিশেষ আয়োজন
author img

By

Published : Oct 6, 2019, 11:56 AM IST

Updated : Oct 6, 2019, 12:51 PM IST

শিৱসাগৰ, 6 অক্টোবৰঃ ৰাজ্যৰ সমূহ ৰাইজৰ মনত মহা অষ্টমীৰ উছাহ ৷ ৰাজ্যৰ সকলো মণ্ডপতে হাতে হাতে হাঁহ, ছাগলী নৈবেদ্য লৈ দুৰ্গা পূজাৰ সকলোতকৈ পৱিত্ৰতম ক্ষণৰ সাক্ষী হ'বৰ বাবে যোৱা ৰাইজৰ দীঘলীয়া শাৰী ৷ শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলতো ভক্তৰ লানি নিছিগা শাৰী ৷ ১৭৩৩ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই নিৰ্মাণ কৰোৱা প্ৰায় ৩০০ বছৰীয়া ইতিহাসৰ সাক্ষী এই দৌলটোৰ প্ৰতি ভক্তসকলৰ এক অগাধ বিশ্বাস আছে ৷ এক জাগ্ৰত দৌল বুলি ৰাইজে বিশ্বাস কৰা এই দৌলটোত প্ৰত্যক বছৰেই মহা অষ্টমীৰ দিনা ভিৰ কৰেহি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে ৷ পুৰণি দিনত এই দৌলত ম'হ বলিও দিয়া হৈছিল যদিও এতিয়া সেই পৰম্পৰা বন্ধ হৈছে ৷ দেৱী দৌলৰ দুৰ্গা পূজাৰ আন এক বিশেষত্ব হ'ল এই দৌল স্থাপন হোৱা কালত পূজাৰ সময়ত এক মুছলমান পৰিয়ালে ঢাক বজাইছিল ৷ তেতিয়াৰ পৰা শিৱসাগৰৰ মুছলমান দৌল্লা পৰিয়ালক পূজাৰ সময়ত বলিৰ নৈবেদ্য প্ৰদান কৰাৰ এক পৰম্পৰা আছে । এইবাৰো প্ৰদান কৰা হ'ব এই নৈবেদ্য ৰূপে এক বলিৰ ছাগলী ৷

দেৱী দৌলত অষ্টমীৰ বিশেষ আয়োজন

লগতে পঢ়কঃমানৱ সভ্যতাৰ বিকাশৰ পৰিক্ৰমা চাবলৈ কোনখন পূজালৈ যাব ?

Intro:Body:আজি মহা অষ্টমী-শিৱসাগৰৰ দুশ বছৰৰো অধিক পুৰণি দেৱী দ'লত ভক্তৰ ভিৰ-হাঁহ,ছাগলী নৈৱেদ্য লৈ ভক্তৰ দীঘলীয়া শাৰী

Story-DEVI_DOL PUJA
Ananta Smith
Sivasagar
06th October

আজি মহা অষ্টমী।

দুৰ্গা পূজাৰ সকলোতকৈ পৱিত্ৰতম ক্ষণ।

মহা অষ্টমী উপলক্ষে শিৱসাগৰৰ আহোম যুগৰ দেৱী দ'লত ব্যাপক ভিৰ।

ভক্তৰ হাতে হাতে বলিৰ নৈৱেদ্য।

শিৱসাগৰৰ দেৱী দ'ল।

প্ৰায় ৩০০ বছৰীয়া এক ইতিহাস।

১৭৩৩ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খন্দোৱাই তাৰ পাৰত নিৰ্মাণ কৰাইছিল তিনিটা দ'ল।শিৱ দ'ল,দেৱী দ'ল আৰু বিষ্ণু দ'ল।

তেতিয়াৰ পৰা এতিয়ালৈকে শিৱ দ'ল আৰু দেৱী দ'লত দৈনিক পূজা-অৰ্চনা অব্যাহত আছে।

দুৰ্গা পূজাৰ সময়ত এই দেৱী দ'লত আন এক ভক্তিৰ পৰিৱেশ দেখা যায়।

এই দ'ল এক জাগ্ৰত দ'ল বুলি ৰাইজে বিশ্বাস কৰে।

মহা অষ্টমীৰ দিনা বিভিন্ন ঠাইৰ পৰা ৰাইজে দেৱী দৰ্শন দৰ্শনৰ বাবে আহে।লগত আনে দেৱীৰ নৈৱেদ্য।

মহা অষ্টমীৰ বলিৰ নৈৱেদ্য হাঁহ, ছাগলী আদি।

পুৰণি দিনত এই দ'লত ম'হ বলিও দিয়া হৈছিল।এতিয়া সেই পৰম্পৰা বন্ধ হল।

ইয়াত পূজা আগবঢ়াবলৈ অহা সকলোৰে কিছু মনোবাঞ্চা থাকে।

দেৱীৰ চৰণত তাক পূৰণৰ বাবে নৈৱেদ্য আহুতি দিয়ে।

বিয়লিলৈ দেৱী দ'লত বলি কৰ্ম চলে।ভক্তৰ নৈৱেদ্য দেৱীৰ চৰণত আগবঢ়াই।

দুৰ্গা পূজাত সকলোৰে আকাংক্ষা থাকে।মংগলৰ আকাংক্ষা।মংগল নিজৰ,পৰিয়ালৰ, সমাজৰ, দেশৰ।দেৱীয়ে সকলোৰে মংগল কৰক।

এই সমূহৰ লগতে এই দ'লৰ লগত জড়িত হৈ আছে এক সম্প্ৰীতিৰ পৰম্পৰা।এই দল স্থাপন হোৱা কালত পূজাৰ সময়ত এক মুছলমান পৰিয়ালে ঢাক বজাইছিল।তেতিয়াৰ পৰা শিৱসাৰৰ মুছলমান দৌল্লা পৰিয়ালক পূজাৰ সময়ত বলিৰ নৈৱেদ্য প্ৰদান কৰাৰ এক পৰম্পৰা আছে।এইবাৰো প্ৰদান কৰিব এই নৈৱেদ্য ৰূপে এক বলিৰ ছাগলী।

Bite-ভক্ত
Bite-বিষয়া,দ'ল উন্নয়ণ সমিতি।Conclusion:
Last Updated : Oct 6, 2019, 12:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.