ETV Bharat / state

Municipal tax hike: অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধি: নাজিৰাত ৰাজহুৱা সভা

author img

By

Published : Apr 29, 2023, 9:31 AM IST

নাজিৰাত পৌৰকৰ বৃদ্ধি সন্দৰ্ভত ৰাজহুৱা সভা ৷ নাজিৰা পৌৰসভাই 5% পৌৰকৰ বৃদ্ধি কৰি বিভিন্ন ক্ষেত্ৰত ৰেহাই প্ৰদানৰ দ্বাৰা মুঠ 2.5% হাৰত পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱেৰে নাজিৰা নাট্য মন্দিৰত এক ৰাজহুৱা সভাৰ আয়োজন কৰে ৷

Increase municipal taxes in Nazira municipality
পৌৰকৰ বৃদ্ধি সন্দৰ্ভত নাজিৰা নাট্য মন্দিৰত এক ৰাজহুৱা সভা
পৌৰকৰ বৃদ্ধি সন্দৰ্ভত ৰাজহুৱা সভা

আমগুৰি, 29 এপ্ৰিল: সাধাৰণ জনতাক মাধমাৰ শোধাই অত্যৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ লগতে অস্বাভাৱিক হাৰত পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া ৷ পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে সচেতন জনসাধাৰণে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ চৰকাৰক স্মাৰক পত্ৰ প্ৰদান, বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সচেতন ৰাইজ তথা দল-সংগঠনে (Increase municipal taxes in Assam) ৷

নাজিৰাত পৌৰকৰ বৃদ্ধি সন্দৰ্ভত অনুষ্ঠিত কৰা হয় ৰাজহুৱা সভা ৷ অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধিৰ সন্দৰ্ভত নাজিৰা নগৰত বিগত কেইবামাহ ধৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ ইয়াৰ মাজতেই নাজিৰাৰ নাগৰিকসকলে বিগত 5 মাৰ্চত নাজিৰা নাট্য মন্দিৰ প্ৰাংগণত এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী, পৌৰ প্ৰশাসন মন্ত্ৰী আৰু পৌৰ কৰ্তৃপক্ষক এই কৰ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰে ৷ ইয়াৰ পিচত শুকুৰবাৰে নাজিৰা পৌৰসভাই 5% পৌৰকৰ বৃদ্ধি কৰি বিভিন্ন ক্ষেত্ৰত ৰেহাই প্ৰদানৰ দ্বাৰা মুঠ 2.5% হাৰত পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱেৰে নাজিৰা নাট্য মন্দিৰত এক ৰাজহুৱা সভাৰ আয়োজন কৰে (Increase municipal taxes in Nazira municipality) ৷

নাজিৰা পৌৰ সভানেত্ৰী বৰ্ণালী চেতিয়াৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাত কাৰ্যবাহী বিষয়া প্ৰিতম গগৈ , ৱাৰ্ড পাৰিষদ সকলৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ পৌৰসভাৰ হৈ মঃ মিৰকাছিম আলিয়ে পৌৰকৰ বৃদ্ধিৰ সন্দৰ্ভত ৰাইজক অৱগত কৰাৰ লগতে কাৰ্যবাহী বিষয়া প্ৰিতম গগৈ আৰু কনিষ্ঠ অভিযন্তা ইক্ৰামুদ্দিন আহমেদে পৌৰকৰৰ স্তৰ সন্দৰ্ভত ৰাইজক অৱগত কৰে ৷ জেষ্ঠ নাগৰিক প্ৰসাদ সন্দিকৈয়ে পৌৰকৰ বৃদ্ধিৰ বিৰোধিতা কৰাৰ লগতে পৌৰসভাই নাগৰিকক প্ৰদান কৰিবলগা নূন্যতম সুবিধাখিনি আজিও প্ৰদান কৰিব নোৱাৰাত আক্ষেপ ব্যক্ত কৰে (Public Meeting at Nazira) ৷

যুৱ সংগঠক ৱাছিম আহমেদে সভাত এইদৰে ৰাইজক মাধমাৰ শোধাই পৌৰকৰ বৃদ্ধি কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে ৷ সভাত নাজিৰাৰ প্ৰাক্তন পৌৰপতি আব্দুৰ ৰহমান, প্ৰাক্তন অধ্যাপক প্ৰভাত বৰঠাকুৰ, সত্যনাৰায়ণ কৰ , মুজিব চৌধুৰী আদি বিভিন্নজনে বক্তব্য ৰাখে (Nazira Municipal Board) ৷

কিন্ত কোনো সমাধান সূত্ৰ নোলোৱা এই ৰাজহুৱা সভাত উপস্থিত ৰাইজৰ স্বাক্ষৰ গ্ৰহণ নকৰাৰ লগতে সভাৰ কাৰ্যবিবৰণীও নিলিখা কাৰ্যই সচেতন ৰাইজক হতবাক কৰি তোলাৰ লগতে এয়া ৰাজহুৱা সভাৰ নামত ৰাইজক পৌৰসভাই ভেঙুচালি কৰা বুলিহে বহুলোকে মন্তব্য কৰিছে ৷ আনহাতে ৰাজ্যৰ পৌৰ প্ৰশাসন মন্ত্ৰী অশোক সিংহলে পৌৰকৰ বৃদ্ধি কৰা-নকৰা প্ৰতিখন পৌৰসভাৰ বিচাৰ্য বিষয় বুলি কৰা মন্তব্য সন্দৰ্ভত নাজিৰাৰ পৌৰকৰ্তৃপক্ষ অৱগত নোহোৱা বিষয়টো ৰাইজৰ বাবে এক অবুজ সাঁথৰ বুলি উল্লেখ কৰে ৰাইজে (Municipal tax hike) ৷

লগতে পঢ়ক: FM transmitter: ডিফুত এফএম ৰেডিঅ’ ট্ৰান্সমিটাৰ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.