আমগুৰি, 20 অক্টোবৰ: ১১ লাখ বিদেশীয়ে অসমত নাগৰিকত্ব লাভ কৰিব বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডাই পশ্চিমবংগৰ এখন সভাত উল্লেখ কৰাৰ পাচতেই আমগুৰিত সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে আমগুৰিৰ চামগুৰি ধোদৰ আলিত নৰেন্দ্ৰ মোডী আৰু জে.পি নাড্ডাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে অসমত বিদেশীক সংস্থাপিত হ'বলৈ দিয়া নহ'ব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক: বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্মৰ ৰাজনীতি কৰাৰ অভিযোগ বিধায়ক কমলাক্ষৰ