ETV Bharat / state

Protest in Amguri: আমগুৰিত অৰুণোদয় আঁচনিৰ বঞ্চিত হিতাধিকাৰীৰ দ্বিতীয় দিনাও অব্যাহত প্ৰতিবাদ - Assam govt Arunoday scheme

আমগুৰিত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে বহু হিতাধিকাৰী । নাম কৰ্তন কৰা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ক্ষুব্ধ মহিলাৰ (Protest at Amaguri for investigation in Arunoday Scheme)। বিসংগতিপূৰ্ণ তালিকা কৰ্তন কৰিবলৈ দাবী জনাই আমগুৰি খণ্ড উন্নয়ণ বিষয়াক অভিযোগ ।

Protest at Amaguri for investigation in Arunoday Scheme
আমগুৰিত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰী
author img

By

Published : Feb 18, 2023, 1:22 PM IST

আমগুৰিত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰী

আমগুৰি,১৮ ফেব্ৰুৱাৰী:শিৱসাগৰ জিলাৰ আমগুৰিত অৰুণোদয় আঁচনিৰ বঞ্চিত হিতাধিকাৰীৰ দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত। বৰুৱাআলি গাঁও পঞ্চায়তত শণিবাৰে দুই শতাধিক মহিলাই কাৰ্যালয় ঘেৰাও কৰি অব্যাহত ৰাখে প্ৰতিবাদ (Assam govt Arunoday scheme)। এই পঞ্চায়তখনত চাৰিটাকৈ ৱাৰ্ডত হিতাধিকাৰী বাচনি নোহোৱাত ক্ষুব্ধ মহিলাই ঘেৰাও কৰে পঞ্চায়ত কাৰ্যালয়টো । প্ৰতিবাদকাৰীসকলে অনিৰ্দিষ্ট কাললৈ পঞ্চায়তত তলাবন্ধ কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিয়ে ।

ৰাজ্য চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলৰ বাবে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ পৰা সম্প্ৰতি একাংশ মহিলা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে (Scam in Arunoday scheme in Amguri)। জিলাখনৰ আমগুৰিত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাই বৰুৱাআলি গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি দ্বিতীয় দিনাও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । "আমাক অৰুণোদয় লাগিবই""অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি নচলিব" আদি শ্ল'গানেৰে প্ৰতিবাদী মহিলাই নাম কৰ্তন কৰা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

আনহাতে, নিশা পঞ্চায়তখনত পঞ্চায়তৰ কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ কাম সম্পাদন কৰি থকাৰ মাজতে বঞ্চিত একাংশ মহিলাই পঞ্চায়তখনত উপস্থিত হৈ প্ৰতিবাদ জনায় । পঞ্চায়তৰ চৰকাৰী কৰ্মচাৰীক বঞ্চিত মহিলাসকলে জবাবদিহি কৰাৰ লগতে ক্ষোভ উজাৰে । উত্থাপিত অভিযোগ অনুসৰি বৰুৱাআলি গাঁও পঞ্চায়তত চাৰিটাকৈ ৱাৰ্ডত এগৰাকী মহিলাৰো নাম অৰুণোদয় হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত নহ'ল । পঞ্চায়তখনৰ ৪, ৫, ৮ আৰু ৯ নং ৱাৰ্ডত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত নকৰাত দৰিদ্ৰ পৰিয়ালৰ মহিলাসকল ক্ষুব্ধ হৈ পৰে ।

উল্লেখ্য যে পঞ্চায়তখনৰ ১০ টাকৈ ৱাৰ্ডৰ ৱাৰ্ড সদস্য়সকলে প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ নাম প্ৰেৰণ কৰিছিল । কিন্তু ৱাৰ্ড সদস্য়ৰ অজ্ঞাতে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি মাত্ৰ বচা বচা হিতাধিকাৰীহে আঁচনিখনত অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উঠিছে । যাৰ বাবে নিশাই পঞ্চায়তখনৰ উপ-সভাপতি, ৱাৰ্ড সদস্য পঞ্চায়তত উপস্থিত হৈ বিসংগতিপূৰ্ণ নামৰ তালিকা কৰ্তন কৰিবলৈ দাবী জনায় । প্ৰতিবাদকাৰীসকলে পঞ্চায়তৰ সচিব, লাট মণ্ডল, এগৰাকী প্ৰধান শিক্ষক আৰু স্থানীয় গাঁওবুঢ়াৰ বিৰুদ্ধেও সৰৱ হৈ পৰে ।

উত্থাপিত অভিযোগ অনুসৰি পঞ্চায়তখনৰ ১০ টা ৱাৰ্ডৰ মুঠ ৯১০ গৰাকী হিতাধিকাৰীৰ মাত্ৰ ৫৩০ গৰাকী হিতাধিকাৰীৰ নামহে অন্তৰ্ভূক্ত কৰিছে । ইয়াৰে ৪ টা ৱাৰ্ডত এগৰাকীও হিতাধিকাৰীৰ নাম নথকাত অধিক উত্তেজিত মহিলাসকলে ক্ষোভ উজাৰে । ইফালে, এই পঞ্চায়তখনত দহোটা ৱাৰ্ডৰে ৱাৰ্ড সদস্যাক উপস্থিত হৈ এনে বিসংগতিপূৰ্ণ তালিকা কৰ্তন কৰিবলৈ দাবী জনাই আমগুৰি খণ্ড উন্নয়ণ বিষয়াক অভিযোগ দাখিল কৰিছিল ।

ৱাৰ্ড সদস্যৰ অভিযোগক নস্যাৎ কৰি পঞ্চায়তখনৰ একাংশ কৰ্মচাৰীয়ে নিজ খেয়াল খুচিমতে কৰ্ম সম্পাদন কৰাত এইসকল মহিলা নিশা পঞ্চায়তখনলৈ ওলাই আহি ঘেৰাও কৰে । মহিলাসকলে এনে কাৰ্যক গৰিহণা দিয়াৰ লগতে সঠিকভাৱে হিতাধিকাৰী নিৰ্বাচন কৰিবলৈ দাবী জনায় । আজি প্ৰতিবাদী মহিলাসকলে জিলা উপায়ুক্তক সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ এখন অভিযোগ পত্ৰ দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক:Beharbari Outpost protest: গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে পথলৈ ওলাই আহিল বেহাৰবাৰী Outpost ৰ কলা কুশলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.