ETV Bharat / state

মহানগৰীৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিমূৰ্তি; ৰাজ্যজুৰি মুল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ - নিবনুৱাক সংস্থাপন

অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰা, নিবনুৱাক সংস্থাপন দিয়া আৰু দেশৰ মন্দা অৰ্থনৈতিক অৱস্থা নিয়ন্ত্ৰণ কৰাৰ দাবীত অৱশেষত ৰাজপথত নামিল যুৱ কংগ্ৰেছ ৷ ইপিনে শিৱসাগৰতো অনুসূচীত জাতি ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অৱস্থান বিক্ষোভ কাৰ্যসূচী পালন কৰে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Sep 30, 2019, 2:56 PM IST

Updated : Sep 30, 2019, 8:10 PM IST

গুৱাহাটী, শিৱসাগৰ 30 ছেপ্টেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথত দাও দাওকৈ জ্বলিল প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিমূৰ্তি ৷ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে দেশৰ অৰ্থনৈতিক মন্দাৱস্থা নিয়ন্ত্ৰণ কৰা আৰু নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ দাবীত আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আজি শতাধিক যুৱ কংগ্ৰেছীয়ে ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷

যুৱ কংগ্ৰেছী সকলে ৰাজীৱ ভৱনৰ সন্মুখত ৰাজপথলৈ ওলাই আহি 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুর্দাবাদ', 'মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুর্দাবাদ', 'মূল্যবৃদ্ধি ৰোধ কৰক' আৰু 'নিবনুৱা সমস্যা সমাধান কৰক' আদি বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷ ইয়াতে ক্ষান্ত নাথাকি প্ৰতিবাদকাৰী সকলে ব্যস্ত জিএছ ৰোড অৱৰোধ কৰি ৰাজপথৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ ইয়াৰোপৰিও প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো পদত্যাগৰ দাবী উত্থাপন কৰে ৷ লগতে যুৱ কংগ্ৰেছৰ কর্মী সকলে ডিঙিত পিয়াঁজৰ মালা পৰিধান কৰি পিয়াঁজৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰো দাবী জনায় ৷ লগতে 2014 চনৰ লোকসভা নিৰ্বাচন আৰু 2016 চনৰ বিধানসভা নিৰ্বাচনত মূল্যবৃদ্ধি ৰোধ কৰাৰ আশ্বাস প্ৰদান কৰি শাসনলৈ অহা বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে বিজেপি দলৰ গুৱাহাটীৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু বিজেপি দলৰ বিধায়ক প্ৰশান্ত ফুকনক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈও আহ্বান জনায় ৷

মহানগৰীৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিমূৰ্তি

ইপিনে শিৱসাগৰতো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে অনুসূচীত জাতি ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী পালন কৰে ৷ দুঘন্টীযা অৱস্থান বিক্ষোভ কাৰ্যসূচীৰ পাছত ছাত্ৰ সংগঠনটোৱে শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ সংগঠনটোৱে শাসকীয় চৰকাৰ খনক কঠোৰ ভাষাৰে সমালোচনা কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জৰিয়তে দুখীয়া ৰাইজৰ মূৰত মাধমাৰ শোধাইছে বুলি প্ৰকাশ কৰে ৷ ইয়াৰোপৰিও সংগঠনটোৱে স্মাৰক পত্ৰৰ জৰিয়তে শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই অন্যথা তেওঁলোকে ৰাজ্যজুৰি জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

ওদালগুৰিতো যুৱ কংগ্ৰেছৰ উদ্যোগত ৰূপায়ন কৰা হয় যুৱ বিক্ষোভ কাৰ্যসূচী ৷ দেশত সৃষ্টি হোৱা ভয়াৱহ মুল্যবৃদ্ধি, অৰ্থনৈতিক মন্দাৱস্থা আৰু নিবনুৱা সমস্যাকলৈ সৰৱ হৈ পৰে ওদালগুৰি যুৱ কংগ্ৰেছ ৷ উক্ত প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলা কংগ্ৰেছৰ সভাপতি নাৰায়ন অধিকাৰী, যুৱ কংগ্ৰেছৰ সভাপতি দীপক বৰালৰ লগতে কেইবাজনো নেতা ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ধুবুৰী আৰু নলবাৰীতো সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ দেশৰ আৰ্থিক দূৰাৱস্থা আৰু অত্যধিক মুল্যবৃদ্ধি ৰোধ কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ দাবীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, বিত্ত মন্ত্ৰী নিৰ্মলা সীতা ৰমণ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে নলবাৰী যুৱ কংগ্ৰেছে ৷ একেদৰে ধুবুৰী জিলা সদৰতো প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে ৷ যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক স্মৃতি ৰঞ্জন লেংকাৰ উপস্থিতিত আজি ধুবুৰী ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল বাহিক কৰা হয় ৷ যুৱ কংগ্ৰেছৰ সভাপতি আলতাপ হুছেইন মণ্ডল আৰু সাধাৰণ সম্পাদক কাজী মাহমুদল হাছান, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগম আৰু এন এছ ইউ আইৰ জিলা সভাপতি ৰফিকুল হক চৌধুৰীকে ধৰি বহু কংগ্ৰেছ নেতা কৰ্মীয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ সমদলৰ পিছতেই ধুবুৰী চহৰৰ ডি কে ৰোডত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰী দলটোৱে ৷

ওদালগুৰি, ধুবুৰীত প্ৰতিবাদ

Intro:মহানগৰীত যুৱ বিক্ষোভ। ৰাজপথত দাও দাওকৈ জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি। অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰা, নিবনুৱাক সংস্থাপন দিয়া আৰু দেশৰ মন্দা অৰ্থনৈতিক অৱস্থা নিয়ন্ত্ৰণলৈ কৰাৰ দাবীত অৱশেষত ৰাজপথত নামিল যুৱ কংগ্ৰেছ।

Body:অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে দেশৰ অৰ্থনৈতিক মন্দা অৱস্থা নিয়ন্ত্ৰণ কৰা আৰু নিবনুৱাক কৰ্মসংস্থাপন প্ৰদান কৰাৰ দাবীত আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আজি দুপৰীয়াৰ ভাগত শতাধিক যুৱ কংগ্ৰেছীয় ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। যুৱ কংগ্ৰেছী সকলে ৰাজীৱ ভনবৰ সন্মুখত ৰাজপথলৈ ওলাই আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মূর্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, নিবনুৱা সমস্যা সমাধান কৰক শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে ব্যস্ত জি এছ ৰোড অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজপথৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে। প্ৰতিবাদকাৰী সকলে দাবী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ দাবীও জনায়। যুৱ কংগ্ৰেছ কর্মী সকলে ডিঙিত পিয়াঁজৰ মালা পৰিধান কৰি পিয়াঁজৰ মূল্য নিয়ন্ত্ৰণ কৰাৰো দাবী জনায়।

বাইট : প্ৰতিবাদী যুৱ কংগ্ৰেছ কর্মী

Conclusion:২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত মূল্যবৃদ্ধি ৰোধ কৰাৰ আশ্বাস প্ৰদান কৰি শাসনলৈ অহা বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে বিজেপি দলৰ গুৱাহাটীৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু বিজেপি দলৰ বিধায়ক প্ৰশান্ত ফুকনক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
Last Updated : Sep 30, 2019, 8:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.