ETV Bharat / state

Pre Bhogali Utsav at Amguri: শিৱসাগৰ জিলা লেখিকা সমাজৰ উদ্যোগত প্ৰাক ভোগালী মেলা

author img

By

Published : Jan 9, 2023, 1:20 PM IST

শিৱসাগৰ জিলা লেখিকা সমাজৰ উদ্যোগত চামগুৰিৰ নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ জানমণি কমপ্লেক্সত অনুষ্ঠিত হয় প্ৰাক্-ভোগালী মেলাৰ (Pre Bhogali Utsav at Amguri) ৷ মেলাত বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত পিঠা পনা প্ৰদৰ্শন কৰা হয় ৷

Pre Bhogali Utsav at Amguri
শিৱসাগৰত প্ৰাক ভোগালী মেলাৰ আয়োজন

আমগুৰি, ৯ জানুৱাৰী: সমাগত অসমীয়াৰ হেপাঁহৰ ভোগালী বিহু (Bhogali bihu preparation in Assam) ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইয়াকে লৈ চলিছে ব্যাপক প্ৰস্তুতি ৷ ভোগালী বিহুলৈ মাজত কেইটামান দিন বাকী থকাৰ অৱস্থাত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বিভিন্ন সংগঠন তথা অনুষ্ঠানৰ উদ্যোগত প্ৰাক-ভোগালী বিহু উদযাপিত হৈ আহিছে ৷

আমগুৰিতো শিৱসাগৰ জিলা লেখিকা সমাজৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰাক্-ভোগালী মেলা (Pre Bhogali Utsav at Amguri)। গ্ৰামাঞ্চলৰ মহিলাৰ দ্বাৰা থলুৱাভাৱে চাউলৰ পৰা প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ সুস্বাদু পিঠা-পনা প্ৰদৰ্শনৰ লগতে ক্ৰয় বিক্ৰয় বিপণী স্থাপন কৰি অনুষ্ঠিত কৰা হয় প্ৰাক্-ভোগালী মেলাৰ । চামগুৰিৰ নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ জানমণি কমপ্লেক্সত দেওবাৰে অনুষ্ঠিত কৰা হয় প্ৰাক্-ভোগালী মেলাৰ ৷ এই মেলাখনত জিলাখনৰ শতাধিক মহিলাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

গ্ৰাম্যাঞ্চলৰ মহিলাসকলে ঢেঁকীত খুন্দি প্ৰস্তুত কৰা তেলপিঠা, তিলপিঠা, ভাপত দিয়া পিঠা, ধোপ পিঠা, ভুৰভূৰীয়া পিঠা, গৰু পিঠা, জেং পিঠা, সুতুলি পিঠা, নাৰিকল পিঠা, চুঙা পিঠা, খোলা চাপৰি পিঠা, নাঙল ধোৱা পিঠা, ঘিলা পিঠাৰ লগতে বিভিন্ন পৰম্পৰাগত পিঠা প্ৰাক্-ভোগালী মেলাখনত প্ৰদৰ্শন কৰা হয় । ইয়াৰোপৰি শিৱসাগৰ জিলা লেখিকা সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাক্-ভোগালী মেলাখনত মহিলাসকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন ৰকমৰ পৰম্পৰাগত খেল-ধেমালি ৷

অনুষ্ঠানটোৰ আয়োজন সন্দৰ্ভত উদ্যোক্তাসকলে কয় যে, দেশী-বিদেশী বিভিন্ন খোৱা বস্তুৰ পয়োভৰৰ মাজত সোমাই ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে জাতিটোৰ থলুৱা খাদ্য সম্ভাৰ ৷ প্ৰাক্-ভোগালী মেলাত মহিলাসকলৰ মাজত বিভিন্ন পৰম্পৰাগত পিঠা পনা প্ৰতিযোগিতাৰ আয়োজনৰ দ্বাৰা অসমীয়া সমাজ-জীৱনৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ ধৰা পিঠা-পনাখিনিক জীয়াই ৰাখিবলৈ যত্ন কৰা হৈছে বুলি উদ্যোক্তামণ্ডলীয়ে উল্লেখ কৰিলে ৷ লগতে দেশী-বিদেশী খোৱা বস্তুৰে ৰাজ্যৰ বজাৰ ভৰিলেও অসমীয়া বোৱাৰী-মহিলাই পৰম্পৰাগত পিঠা-পনা প্ৰস্তুত কৰিবলৈ পাহৰা নাই বুলি উল্লেখ কৰে উদ্যোক্তাসকলে ৷

চৰাইদেউ জিলা প্ৰাথমিক শিক্ষা বিষয়া প্ৰণৱ গগৈয়ে উদ্বোধন কৰা অনুষ্ঠানটিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা চন্দ্ৰ বৰুৱা, শিৱসাগৰ জিলা লেখিকা সমাজৰ দ্বীপ্তি গগৈ বৰুৱাকে ধৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

অসমীয়া পৰম্পৰাগত পিঠা-পনাৰ প্ৰস্তুত আৰু প্ৰদৰ্শন কৰি মহিলাসকলে সমাজলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এক ইতিবাচক বাৰ্তা । পৰম্পৰাগত পিঠা-পনাৰ লগতে নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ জানমণি কমপ্লেক্সত অনুষ্ঠিত কৰা প্ৰাক্-ভোগালী মেলাৰ অনুষ্ঠানটিৰ সামৰণি পৰ্বত শিৱসাগৰ জিলা লেখিকা সমাজৰ কৰ্ম-কৰ্তাসকলে নাচি-বাগি ৰং-ৰহইচেৰে মচগুল হৈ পৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : Drugs seized at Karbi Anglong: কাৰ্বি আংলঙত একৈশ কোটি টকা মূল্যৰ হেৰʼইনসহ আটক ৪ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.