শিৱসাগৰ,13 মে’: চিঠিৰ আদান-প্ৰদান আৰু যোগাযোগ ব্যৱস্থাৰ অন্যতম মাধ্যম ডাকঘৰ । চৰকাৰী কাৰ্যালয়ৰ চিঠিৰ লগতে অন্যান্য লাগতিয়াল সামগ্ৰী লাভ কৰাৰ অন্যতম মাধ্যম ডাকঘৰ ব্যৱস্থা । কিন্তু ৰাজ্যৰ বিভিন্ন জিলাত এতিয়া জৰাজীৰ্ণ গৃহতে চলিছে অধিকাংশ ডাকঘৰ ব্যৱস্থা । নাই উপযুক্ত সা-সুবিধা ৷ নাই পৰ্যাপ্ত আচবাব ৷ ৰাজ্যৰ আনবোৰ জিলাৰ সমান্তৰালকৈ শিৱসাগৰ জিলাতো ভাড়াঘৰতেই চলি আছে অধিকাংশ ডাকঘৰ । যোৱা প্ৰায় 10/20 বছৰ ধৰি বহু ডাকঘৰৰ নিজা কাৰ্যালয় নথকাত ভাড়াঘৰতেই চলাবলগীয়া হৈছে ডাকঘৰৰ কাম কাজ ৷ যাৰ বাবে বহু কষ্টৰ সন্মুখীন হব লগীয়া হৈছে ডাকঘৰৰ কৰ্মচাৰী সকল ৷
ৰ'দ-বৰষুণ একাকাৰ কৰি অতি নিষ্ঠাৰে ডাকঘৰ কৰ্মচাৰীয়ে চিঠি পত্ৰৰ যোগান ধৰি আহিছে যদিও স্পষ্ট হৈ উঠিছে বিভাগটোৰ অমনোযোগিতাৰ ছবিখন । ভাৰতীয় ডাক বিভাগৰ অন্তৰ্গত এই ডাকঘৰবিলাকৰ প্ৰতি কেতিয়া চকু মেল খাব সংশ্লিষ্ট বিভাগৰ ৷
এনেবোৰ দৃশ্য দেখি এতিয়া প্ৰশ্ন হয় ৷ সময়ৰ বুকুত হেৰাই যাব নেকি ডাকঘৰ ব্যৱস্থা? নে এনেদৰেই বিভাগটোৰ কাম-কাজ চলি থাকিব ভাড়াঘৰ অথবা জৰাজীৰ্ণ গৃহত? সময়ৰ সোঁতত হেৰাই যাব নেকি বহুজনৰ হাজাৰ স্মৃতি জড়িত হৈ থকা যোগাযোগৰ অন্যতম পুৰণি মাধ্যম ডাকঘৰ ৷
লগতে পঢ়কঃ অসম বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হ'ব বিশ্বজিৎ দৈমাৰী