ETV Bharat / state

Commonwealth Games 2022: কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব আমগুৰিৰ পপী হাজৰিকাই

বাৰ্মিংহাম কমনৱেলথ গেমছত অসমৰ ভাৰত্তোলক পপী হাজৰিকা(Popy Hazarika selected for Commonwealth game) । এইবাৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ সাতগৰাকীকৈ খেলুৱৈৰ ভিতৰত শিৱসাগৰৰ আমগুৰিৰ ভাৰত্তোলক পপী হাজৰিকা অন্যতম । ৩১ জুলাইত ভাৰত্তোলনত অংশগ্ৰহণ কৰিবলগীয়া পপীলৈ শুভেচ্ছা আৰু পপীৰ জয় যাত্ৰাৰ বাবে প্ৰাৰ্থনা জনালে আমগুৰিবাসীয়ে(Poppy Hazarika to participate in Weight lifting on July 31) ।

author img

By

Published : Jul 28, 2022, 3:19 PM IST

poppy hazarika of amguri to commonwealth games in birmingham
Commonwealth Games2022: কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব আমগুৰিৰ পপী হাজৰিকাই

আমগুৰি,২৮ জুলাই: আজিৰে পৰা বাৰ্মিংহামত কমনৱেলথ গেমছ । বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত আলেকজেণ্ডাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব উদ্বোধনী অনুষ্ঠান । এইবাৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব অসমৰ সাতগৰাকীকৈ খেলুৱৈয়ে । শিৱসাগৰ জিলাৰ আমগুৰিৰ পপী হাজৰিকাই খেলাৰ সুযোগ লাভ কৰিছে কমনৱেলথ গেমছত(Popy Hazarika selected for Commonwealth game) । নামতি অঞ্চলৰ জীয়ৰী পপী হাজৰিকাই কমনৱেলথ গেমছত ৩১ জুলাইত ভাৰত্তোলনত অংশগ্ৰহণ কৰিব(Poppy Hazarika to participate in Weight lifting on July 31) । পপী হাজৰিকালৈ শুভেচ্ছা আৰু শুভাশীষ জ্ঞাপন কৰে নামতি অঞ্চলবাসীয়ে ।

কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব আমগুৰিৰ পপী হাজৰিকাই

পপী হাজৰিকাই কমনৱেলথ গেমছত খেলাৰ সুযোগ লাভ কৰি সমগ্ৰ নামতি অঞ্চলৰ লগতে শিৱসাগৰ জিলাৰ আৰু অসম তথা দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে । এনে শুভক্ষণত সমগ্ৰ নামতি অঞ্চলৰ লগতে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ পৰিয়ালৰ মাজত আনন্দ বন্যা বোৱা পৰিলক্ষিত হৈছে । দিপ্তী হাজৰিকা আৰু স্বৰ্গীয় অনুপ হাজৰিকাৰ কন্যা একালৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ছাত্ৰী পপী হাজৰিকা বৰ্তমান উত্তৰ পূব সীমান্ত ৰে'লৱেৰ এগৰাকী কৰ্মচাৰী ।

বিগত সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত পদক অৰ্জনেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰী গৰাকীয়ে শেহতীয়াকৈ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিবলৈ বাৰ্মিঙহামত প্ৰস্তুতি চলাই আছে । বৃহস্পতিবাৰে নামতি অঞ্চলৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক শুভাশীষ অনুষ্ঠানৰ আয়োজন কৰে । শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ আৰু নামতি আঞ্চলিক ছাত্ৰ সংস্থাৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানৰ আৰম্ভণিত সমজুৱা প্ৰাৰ্থনা ৰখা হয় যাতে পপী হাজৰিকায়ে সফলতাৰে সুখ্যাতি অৰ্জন কৰিব পাৰে ।

নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই পপী হাজৰিকাৰ এই যাত্ৰাৰ অন্তৰালৰ তথ্য দাঙি ধৰা লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো এনে আৰ্দশ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় । কমনৱেল্থ গেমছত সফলতা লাভ কৰাৰ সপোন লৈ খেলুৱৈগৰাকীৰ লগতে পৰিয়াল তথা স্থানীয় লোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰিও অসমবাসীক আশীৰ্বাদ তথা সমৰ্থন আগবঢ়াবলৈ অনুৰোধ জনাইছে ।
লগতে পঢ়ক: Rana Pogag granted bail: মুকলি আকাশৰ তললৈ প্ৰৱঞ্চক ৰাণা প'গাগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.