আমগুৰি,18 মে’: আহোম ৰাজত্বকালৰ ঐতিহাসিক সমলেৰে ভৰপূৰ শিৱসাগৰ জিলাৰ এবিধ ঐতিহাসিক সম্পদ হৈছে বৰঢাপ আলি ৷ দ’ল, দেৱালয়, পুখুৰীৰ লগতে নানা সমলেৰে পৰিপূৰ্ণ শিৱসাগৰ জিলাত বহু সম্পদ আছে, যিবিলাক আজিও উদঘাটন হোৱা নাই ৷ বৰাহীবাৰীত থকা ঐতিহাসিক বৰঢাপ সংৰক্ষণত পুৰাতত্ব বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে ।
উল্লেখ্য যে, আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত 1779 খ্ৰীষ্টাব্দত স্বৰ্গদেউৰ ভনীয়েক আদাবৰীয়া সন্দিকৈক বিবাহসূত্ৰে বৰাহীবাৰী অঞ্চলত 120 পূৰা মাটিৰে খাট-পাম দি শাসক হিচাপে ঘোষণা কৰিছিল । এইগৰাকী স্বৰ্গদেউৰ ভনীয়েক আদাবৰীয়া সন্দিকৈয়ে মাত্ৰ 30 দিনতে বৰঢাপ নিৰ্মাণ কৰি বৰাহীবাৰীক শত্ৰুৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু জীৱ-জন্তুক সুৰক্ষা দিবলৈ বৰঢাপ মাৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ।
পৰৱৰ্তী সময়ত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ভনীয়েক আদাবৰীয়া সন্দিকৈয়ে ভাগতী বৰবৰুৱা নাম লৈ বৰাহীবাৰীত শাসন কৰিছিল । সম্প্ৰতি এই ঐতিহাসিক বৰঢাপ খান্দি প্ৰায় নিঃশেষ কৰিছে একাংশ দুষ্টচক্ৰই । আহোম ৰাজত্বকালত বৰঢাপত উঠিলে শিৱসাগৰৰ শিৱদ’লৰ কলচী দেখিবলৈ পোৱা বুলিও কথিত আছে ।
বৰঢাপৰ কিছু অংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছে টাই আহোম ছাত্ৰ সন্থাই । বৰাহীবাৰী চাংমাইত সংগঠনটোৱে বৰঢাপৰ প্ৰায় 1,200 মিটাৰ অংশ সংৰক্ষণ কৰাৰ লগতে এতিয়াও বহু লোকে বৰঢাপ খান্দি চাহ ৰোপণ কৰা দেখা গৈছে ৷ অস্তিত্বৰ সংকটত থকা এই ঐতিহাসিক সমলবিধ সংৰক্ষণৰ বাবে ৰাজ্যৰ পুৰাতত্ব বিভাগক দাবী জনাইছে জাতীয় সংগঠনটোৱে ৷
লগতে পঢ়ক: উদ্বোধনৰ পূৰ্বে খহি পৰিল ফ’ৰলেণ্ডযুক্ত পথ