শিৱসাগৰ, 29 মাৰ্চঃ অৱশেষত বিজেপি দলৰ শিৱসাগৰ জিলা মহিলা মৰ্চাৰ সম্পাদিকা পদৰ পৰা অব্যাহতি দিয়া হ'ল মিনাক্ষী দত্তক ৷ দৰাচলতে দেওবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই শিৱসাগৰ জিলা মহিলা মৰ্চাৰ সম্পাদিকা মিনাক্ষী দত্তৰ গৃহৰ পৰা ৫ লক্ষাধিক টকাৰ বিলাতী সুৰা জব্দ কৰিছিল । লগতে এই ঘটনাত জৰিত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছিল বিজেপি নেত্ৰীগৰাকীৰ স্বামী ললিত দত্ত সহ দহজন ব্যক্তিক ৷
উল্লেখ্য যে, দেওবাৰে সংঘটিত এই ঘটনাৰ পাছৰে পৰা তোলপাৰ লাগিছে বিজেপিৰ ভিতৰচ'ৰাত ৷ শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুমাৰীয়ে ইতিমধ্যে মিনাক্ষী দত্তৰ লগতে তেওঁৰ কন্যা দৃষ্টিপ্ৰিয়া দত্তকো দলীয় বিষয়বাবৰ পৰা অব্যাহতি দিছে । দৃষ্টিপ্ৰিয়া দত্ত বিজেপিৰ শিৱসাগৰ জিলা যুৱ মৰ্চাৰ প্ৰাক্তন উপ- সভানেত্ৰী ও বৰ্তমানৰ বিজেপিৰ IT Cell ৰ জিলা তত্ববধায়ক আছিল । এক বিবৃতিৰ জৰিয়তে শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুমাৰীয়ে জনাইছে এই কথা।
মহিলা মৰ্চাৰ সম্পাদিকা পদৰ পৰা অব্যাহতি মিনাক্ষী দত্তক - BJP leader Minakshi dutta suspende
উল্লেখ্য যে, দেওবাৰে সংঘটিত এই ঘটনাৰ পাছৰে পৰা তোলপাৰ লাগিছে বিজেপিৰ ভিতৰচ'ৰাত ৷ শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুমাৰীয়ে ইতিমধ্যে মিনাক্ষী দত্তৰ লগতে তেওঁৰ কন্যা দৃষ্টিপ্ৰিয়া দত্তকো দলীয় বিষয়বাবৰ পৰা অব্যাহতি দিছে ।