ETV Bharat / state

আৰক্ষী অধীক্ষকৰ অমানৱীয় বিচাৰ : মৃত্যুক সাৱটিলে কনিষ্টবলে

author img

By

Published : Aug 28, 2019, 6:05 PM IST

আৰক্ষী অধীক্ষকৰ শাস্তি মূৰ পাতি লৈ মৃত্যুক সাৱটিলে এজন আৰক্ষী কনিষ্টবলে ৷ সামান্য কথাতে গুৰু শাস্তি দিয়া হ'ল পৰমানন্দ য়েইনক ৷

আৰক্ষী অধীক্ষকৰ অমানৱীয় বিচাৰ

শিৱসাগৰ, আগষ্ট 28 : শিৱসাগৰ জিলাৰ জয়সাগৰত মৰ্মান্তিক ঘটনা ৷ আৰক্ষী অধীক্ষকৰ শাস্তি মূৰ পাতি লৈ মৃত্যুক সাৱটিলে এজন আৰক্ষী কনিষ্টবলে ৷

আৰক্ষী অধীক্ষকৰ অমানৱীয় বিচাৰ

কিছুদিন পূৰ্বে এটা সংগঠনৰ কেইজনমান সদস্যই এজাহাৰ দাখিল কৰিবলৈ আহিছিল জয়সাগৰ থানালৈ ৷ দাখিলৰ পূৰ্বে এজাহাৰখন ম'বাইলেৰে ফটো উঠাব খুজিছিল সদস্যকেইজনে ৷ নীতি বৰ্হিঃভূত এই কাৰ্যক বাধা দিবলৈ গৈ সংগঠনৰ সদস্যৰ ৰোষত পৰে জয়সাগৰ আৰক্ষী চকীৰ কনিষ্টবল পৰমানন্দ য়েইন ৷ কনিষ্টবলজনৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকক অভিযোগ দিলে সংগঠনৰ সদস্যসকলে ৷ তাৰ পাচতেই অধীক্ষক অমিতাভ সিন্হাই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে 50 বছৰীয়া পৰমানন্দ য়েইনৰ বিৰুদ্ধে ৷ শাৰীৰিকভাৱে অসুস্থ কনিষ্টবলগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক আঁকোৱালি লয় পৰমানন্দ য়েইনে ৷

Intro:Body:*শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ শাস্তিৰ বাবেই কনিষ্টবলৰ মৃত্যু-তীব্ৰ প্ৰতিক্ৰিয়া শিৱসাগৰত*

Story-POLICE_DEATH
Ananta Smith
Sivasagar
28th August

A_SVR_28TH_AUG_801-805_POLICE_DEATH_7203499

আৰক্ষী অধীক্ষকৰ শাস্তিৰ বাবেই মৃত্যু হৈছে এজন আৰক্ষী কনিষ্টবলৰ | যোৱানিশা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয় পৰমানন্দ য়েইন নামৰ লোকজন |
কনিষ্টবল গৰাকীৰ পৰিয়ালৰ অভিযোগ জিলা আৰক্ষী অধীক্ষকে সামান্য কথাতে ৫০ বছৰীয়া কনিষ্টবল জনক দিছিল কঠোৰৰ পৰা কঠোৰতম শাস্তি | যি শাস্তি মূৰ পাতি লৈ শাৰিৰীকভাৱে অসুস্থ হৈ চিকিৎসাধীন হব লগা হৈছিল কনিষ্টবলজন | চিকিৎসালয়ত এটা দিন থকাৰ পাছতে যোৱা নিশা শাৰিৰীক অৱস্থা অধিক অৱনতি ঘটি এনেদৰে মৃত্যুক আঁকোৱালি লব লগা হল অতি অমায়িক আৰু সকলোৰে মাজত অতি জনপ্ৰিয় আৰক্ষী কনিষ্টবল পৰমানন্দ য়েইনে |

Bite1-জীয়ৰী
Bite2-পত্নী

অতি ভদ্ৰ অমায়িক প্ৰকৃতিৰ আৰক্ষী কনিষ্টবলজনৰ এই অস্বাভাবিক মৃত্যুক সহজভাৱে লব পৰা নাই কনিষ্টবলজনৰ সহকৰ্মীৰ লগতে পৰিয়াল বৰ্গই | সহকৰ্মী আৰু পৰিয়াল বৰ্গৰ অভিযোগ সামান্য এটা কথাতে কনিষ্টবলজনক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিছিল আৰক্ষী অধীক্ষক গৰাকীয়ে | যাৰ বাৱে শাৰিৰীক অৱস্থাৰ অৱনতি ঘটি এনেদৰে মৃত্যুক আঁকোৱালি ললে আৰক্ষী কনিষ্টবলজনে | বৰ্ত্তমান আৰক্ষী কনিষ্টবল জনৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে খোদ আৰক্ষী মহলৰ মাজতো |Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.