ETV Bharat / state

শিৱসাগৰৰ হালোৱাটিঙত গাঞ্জা ব্যৱসায়ী আটক - assam police

অসম আৰক্ষীৰ অবৈধ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান তীব্ৰতৰ ৰূপত অব্যাহত আছে সমগ্ৰ ৰাজ্যত ৷ বৃহস্পতিবাৰে শিৱসাগৰ জিলা আৰক্ষীয়ে জিলাখনৰ হালোৱাটিঙত বৃহৎ পৰিমাণে গাঞ্জা উদ্ধাৰ কৰাৰ লগতে শুকুৰবাৰে এজন গাঞ্জা বেপাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

police caught marijuana dealer in sivsagar
শিৱসাগৰৰ হালোৱাটিঙত গাঞ্জা বেপাৰী আটক
author img

By

Published : May 29, 2021, 1:07 PM IST

আমগুৰি, 28 মে’: ৰাজ্যত নতুন চৰকাৰ শাসনাধিষ্ঠিত হোৱাৰে পৰা অসম আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান ক্ৰমাৎ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ পৰিছে ৷ প্ৰায় প্ৰতিদিনে আৰক্ষী বাহিনীয়ে জব্দ কৰিছে অবৈধ সুৰা, ড্ৰাগছ, গাঞ্জা অথবা আন আন নিচাযুক্ত সামগ্ৰী ৷ কেৱল সিমানেই নহয় ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আৰক্ষী বাহিনীয়ে অভিযান চলাই আটক কৰিছে নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবহৰাহকাৰী তথা ক্ৰেতা, বিক্ৰেতাক ৷

এনে সময়তে, শিৱসাগৰ জিলাৰ হালোৱাটিঙত বৃহস্পাতিবাৰে সন্ধিয়া হালোৱাটিং আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ পাছত শুকুৰবাৰে আৰক্ষীৰ জালত পৰে গাঞ্জা ব্যৱসায়ী গণেশ ৰাজপুত । উল্লেখযোগ্য যে, বৃহস্পাতিবাৰে সন্ধিয়া হালোৱাটিং আৰক্ষীৰ বিশেষ অভিযানত বৰছিলা নামতি বঙালী বস্তিৰ গণেশ ৰাজপুটৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছিল ১কেজি ১৯৯ গ্ৰাম গাঞ্জা । হালোৱাটিং আৰক্ষীয়ে ধৃত গণেশ ৰাজপুতক 23/2021 নম্বৰ গোচৰত শুকুৰবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক:ভাৰত-ভূটান সীমান্তৰ লাইমুতিত স্থাপন হ'ল প্ৰথমখন দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.