ETV Bharat / state

23 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণ : প্ৰসংগ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান - PM Narendra Modi will visit Assam

ভোগালী বিহুৰ দিনটোতে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ প্ৰায় এক লাখ খিলঞ্জীয়া ভূমিহীন ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান কৰা অনুষ্ঠান উদ্বোধন কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিব ৷

pm-narendra-modi-will-visit-assam-to-participate-in-a-meeting-in-sivsagar
23 জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডীঃ প্ৰসংগ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান
author img

By

Published : Jan 14, 2021, 9:12 PM IST

শিৱসাগৰ,14 জানুৱাৰী: সমাগত বিধানসভাৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ সময় চমু চাপি অহাৰ সমান্তৰালকৈ ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ ইয়াৰ মাজতে এক বিশাল জনসভাত অংশ লোৱাৰ উদ্দেশ্যে অহা 23 জানুৱাৰীত শিৱসাগৰত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদী ৷ ৰাজ্যৰ প্ৰায় এক লাখ খিলঞ্জীয়া ভূমিহীন ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান কৰা অনুষ্ঠান উদ্বোধন কৰাৰ বাবে 23 জানুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকী শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত হ'বহি বুলি জনালে সাংসদগৰাকীয়ে ৷ বৃহস্পতিবাৰে অৰ্থাৎ ভোগালী বিহুৰ দিনটোতে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷

23 জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

এই কথা প্ৰকাশ কৰাৰ লগতে সাংসদগৰাকীয়ে স্থানীয় সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগানেৰে দিছপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হোৱা বিজেপি মিত্ৰজোঁট দলৰ চৰকাৰে বিগত চাৰে চাৰি বছৰীয়া কাৰ্যকালত নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে ৷ ইতিমধ্যে এক লাখ খিলঞ্জীয়া ভূমিহীন ভূমিপুত্ৰসকলক মাটিৰ পট্টা প্ৰদান কৰিছে চৰকাৰে ৷ লগতে দ্বিতীয় পৰ্যায়ত আন এক লাখ খিলঞ্জীয়া ভূমিহীন ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি জনাই সাংসদগৰাকীয়ে ৷ 23 জানুৱাৰীত শিৱসাগৰত অনুষ্ঠিত হ'বলগীয়া উক্ত সভাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম চৰকাৰৰ এই ভূমিহীনসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ অভিলাষী আঁচনিৰ উদ্বোধন কৰিব বুলি জনাইছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷

pm-narendra-modi-will-visit-assam-to-participate-in-a-meeting-in-sivsagar
23 জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

উল্লেখনীয় যে, ভোগালী বিহুৰ দিনটোতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক মন্ত্ৰী যোগেন মহন সহ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰ পৰিদৰ্শন কৰে ৷ জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী মোদী আহি প্ৰায় দুই লাখ জনতা সমবেত হ'ব লগা এক বিশাল জনসভাত অংশ লব ৷ শুকুৰবাৰৰ পৰাই ঐতিহাসিক জেৰেঙা পথাৰত ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷

লগতে পঢ়কঃ দক্ষিণ কামৰূপৰ সৰপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনাত আহত যাত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.