ETV Bharat / state

আমগুৰিত চিকিৎসা কৰ্মী অবিহনে চলিছে স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : May 30, 2021, 12:25 PM IST

শিৱসাগৰ জিলাৰ আমগুৰিৰ দোপদৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাৰ্চ, ফাৰ্মাচিষ্ট অবিহনে চলিছে স্বাস্থ্যসেৱাৰ কাম-কাজ ৷ স্বাস্থ্য কেন্দ্ৰটোৰ আন্তঃগাঁথনিৰ উন্নয়নৰ নামত অহা ধনৰ ব্যয়ত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷

phc-runs-without-nurse-and-pharmacist
আমগুৰিত নাৰ্চ ফাৰ্মাচিষ্ট অবিহনে চলিছে স্বাস্থ্য কেন্দ্ৰ

আমগুৰি,30 মে’: আমগুৰিৰ দোপদৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সৃষ্টি হৈছে ব্যাপক অৰাজক পৰিস্থিতি ৷ ফাৰ্মাচিষ্ট আৰু নাৰ্চ অবিহনেই চলি আছে দোপদৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কাম-কাজ ৷ আনহে নালাগে, স্বাস্থ্য কেন্দ্ৰটোৰ আন্তঃগাঁথনিৰ উন্নয়নৰ নামত যি ধন আহে, সেই ধন ব্যয়ৰ নামতো ব্যাপক খেলি-মেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

আমগুৰিত চিকিৎসা কৰ্মী অবিহনে চলিছে স্বাস্থ্য কেন্দ্ৰ

উল্লেখযোগ্য যে, ২০১২ চনত সেই সময়ত স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত থকা ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো সম্প্ৰতি মেৰামতি আৰু তদাৰকৰ অভাৱত বৰ্তমান জহি-খহি গৈছে । স্থানীয় সচেতন লোকে স্বাস্থ্য কেন্দ্ৰটোত ফাৰ্মাচিষ্ট আৰু নাৰ্চ শীঘ্ৰে নিযুক্তি দিয়াৰ লগতে আন্তঃগাঁথনিৰ উন্নয়নৰ নামত চলি থকা অনিয়মৰ তদন্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক: চতুৰ্থবাৰ উদ্বোধন একেখন এম্বুলেঞ্চ: বাতৰি পৰিৱেশন পাচতে ইটিভিৰ সাংবাদিকৰ বিৰুদ্ধে গোচৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.