ETV Bharat / state

শিৱসাগৰৰ বজাৰত প্লাষ্টিকৰ চাউল বিক্ৰীৰ অভিযোগ

ৰাজীৱ গান্ধী পেট্ৰ'লিয়াম ইনষ্টিটিউটৰ কৰ্মচাৰীয়ে উত্থাপন কৰিছে প্লাষ্টিক চাউলে বজাৰ দখল কৰাৰ অভিযোগ ৷ যোগান বিভাগৰ বিফলতাৰ অভিযোগ ৷

শিৱসাগৰৰ বজাৰত প্লাষ্টিক চাউল
author img

By

Published : May 4, 2019, 4:53 PM IST

শিৱসাগৰ ,04 মে' : শিৱসাগৰৰ বজাৰত প্লাষ্টিকৰ চাউল উপলব্ধ হোৱাৰ অভিযোগ । শিৱসাগৰৰ ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইন্সটিটিউটৰ কেইগৰাকীমান উত্থাপন কৰিলে এই অভিযোগ ৷

শিৱসাগৰৰ বজাৰত প্লাষ্টিকৰ চাউল বিক্ৰীৰ অভিযোগ

অভিযোগ অনুসৰি শিৱসাগৰৰ ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইন্সটিটিউটৰ কেইগৰাকীমান কৰ্মচাৰীয়ে সুলভ মূল্যৰ দোকানৰ পৰা ক্ৰয় কৰি আনিছিল ধেমাজি জিলাৰ বজৰং ৰাইচ মিলত প্ৰস্তুত কৰা "প্ৰিমিয়াম কোৱালিটি চৰটেক্স ৰাইচ " ব্ৰেণ্ডৰ 3 কেজি চাউল ৷খাবলৈ বহি ভাতখিনি সাধাৰণতে খাই থকা ভাততকৈ কিছু পৃথক হোৱাত সন্দেহবশত: কৰ্মচাৰী কেইজনে খোৱাৰ পৰিৱৰ্তে লাড়ু কৰি মজিয়ালৈ দলিয়াই দিয়াৰ পাচতে উফৰি আহে চাউলৰ বলটো ৷ খাবলৈ বুলি ৰন্ধা চাউলখিনি প্লাষ্টিকৰ বুলি অভিযোগ উত্থাপন কৰি কৰ্মচাৰী সকলে একেমুখে দোষাৰূপ কৰিলে শিৱসাগৰ যোগান বিভাগৰ উদাসীনতাক।

লগতে পঢ়ক : বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰা হ'ল 20 গৰাকী বাংলাদেশী নাগৰিকক

উল্লেখযোগ্য যে উক্ত সুলভ মূল্যৰ দোকানখনে শিৱসাগৰ নগৰৰ জেঙনিকটীয়াৰ চুজা নামৰ এজন ব্যৱসায়ীৰ দোকানৰ পৰা ক্ৰয় কৰিছিল ৷
এতিয়া প্ৰশ্ন হ'ল, যোগান বিভাগৰ দৰে বিয়াগোম বিভাগ এটা থকাৰ পাচতো বৰ্তমান সময়ত সৰ্বত্ৰচৰ্চা লাভ কৰি থকা প্লাষ্টিক চাউল কিদৰে প্ৰৱেশ কৰিব পাৰিলে শিৱসাগৰৰ গ্ৰামাঞ্চলত ৷ কিদৰে অভিযোগ উত্থাপন হোৱাৰ দৰে ধেমাজি জিলাৰ বজৰং ৰাইচ মিলত প্ৰস্তুত আৰু বিতৰণ হ'ল এইদৰে মাৰাত্মক বৰবিহ স্বৰূপ প্লাষ্টিক চাউল? এইক্ষেত্ৰত ৰাজ্যৰ যোগান বিভাগে তদন্তৰ জৰিয়তে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব ৰাজ্যত এতিয়া ভাতমুঠিও স্বাস্থ্যৰ বাবে উপযোগী হৈ থাকিব নে নাথাকে ৷

শিৱসাগৰৰ বজাৰত প্লাষ্টিক চাউল- ৰাজীৱ গান্ধী পেট্ৰ'লিয়াম ইনষ্টিটিউটৰ কৰ্মচাৰীয়ে পোহৰলৈ আনিলে প্লাষ্টিক চাউলে বজাৰ দখল কৰাৰ তথ্য- প্লাষ্টিক বলৰ দৰেই ভাতৰ লাড়ুৰ বাউন্সিং-সুখনিদ্ৰাত যোগান বিভাগ

Story-PLASTIC_RICE
Ananta Smith
Sivasagar
04th May

A_SVR_04TH_MAY_801-804_PLASTIC_RICE_7203499

এইবাৰ শিৱসাগৰৰ বজাৰতো উপলব্ধ হল প্লাষ্টিক চাউল। শিৱসাগৰ পলসনিস্থিত ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইন্সটিটিউতৰ কেইগৰাকীমান কৰ্মচাৰীয়ে আজি দুপৰীয়াৰ সাজৰ বাবে আনিছিল ওচৰৰে সুলভ মূল্যৰ দোকানৰ কৰা ৩ কেজি চাউল ৷ ধেমাজি জিলাৰ বজৰং ৰাইচ মিলত প্ৰস্তুত হোৱা আৰু বিতৰন কৰা "প্ৰিমিয়াম কোৱালিটি চৰটেক্স ৰাইচ " ব্ৰেণ্ডৰ চাউলৰ বস্তাৰ পৰা ক্ৰয় কৰা চাউল খিনি ৰান্ধি যেতিয়া কৰ্মচাৰী কেইজন ভাতৰ পাতত বহিল তেতিয়া ভাতখিনি দেখি চকু কপালত উঠিল কৰ্মচাৰী কেইজনৰ ৷ সাধাৰণতে খাই থকা ভাততকৈ পৃথক ভাত খিনি সন্দেহবশত: কৰ্মচাৰী কেইজনে খোৱাৰ পৰিৱৰ্তে এই দৰে লাড়ু কৰি মজিয়ালৈ দলিয়াই পৰীক্ষা কৰাতহে ওলাল উৰহী গছৰ ওৰ ৷ প্ৰকৃততে খাবলৈ বুলি ৰন্ধা চাউলখিনি যে প্লাষ্টিকৰ সেয়া স্পষ্ট হোৱাৰ লগতে কৰ্মচাৰী সকলে একেমুখে দোষাৰূপ কৰিলে শিৱসাগৰ যোগান বিভাগৰ উদাসীনতাক।উল্লেখযোগ্য যে উক্ত সুলভ মূল্যৰ দোকানখনে শিৱসাগৰ নগৰৰ জেঙনিকটীয়াৰ চুজা নামৰ এজন ব্যৱসায়িৰ দোকানৰ পৰা ক্ৰয় কৰিছিল।

Bite 1&2—
অভিযোগকাৰী আৰু দোকানী

এতিয়া প্ৰশ্ন হ'ল, যোগান বিভাগৰ দৰে বিয়াগোম বিভাগ এটা থকাৰ পাছতো বৰ্তমান সময়ত সৰ্বত্ৰ চৰ্চা লাভ কৰি থকা প্লাষ্টিক চাউল কিদৰে প্ৰবেশ কৰিব পাৰিলে শিৱসাগৰৰ গ্ৰাম্যাঞ্চলত ৷ কিদৰে অভিযোগ উত্থাপন হোৱাৰ দৰে ধেমাজি জিলাৰ বজৰং ৰাইচ মিলত প্ৰস্তুত  আৰু বিতৰন হল এইদৰে মাৰিমৰক বৰবিহ প্লাষ্টিক চাউল ? এইক্ষেত্ৰত ৰাজ্যৰ যোগান বিভাগে তদন্তৰ জৰিয়তে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব ৰাজ্যত এতিয়া ভাতমুঠিও স্বাস্থ্যৰ বাবে উপযোগী হৈ থাকিব নে নাথাকে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.