আমগুৰি ,14 মাৰ্চঃ এগৰাকী যুৱকৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং আৰক্ষী থানাত শুকুৰবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ বাঘজান চাহ বাগিছাৰ বীৰু বাউৰী নামৰ ত্ৰিশ বছৰীয়া এজন যুৱকক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি মৃতদেহ লগত লৈ শিৱসাগৰ জিলাৰ হালোৱাটিং আৰক্ষী থানা ঘেৰাও কৰে কেইবাশ পুৰুষ মহিলাই ৷ স্থানীয় ৰাইজৰ অভিযোগ,হালোৱাটিংৰ তিলক গাৰে নামৰ লোকজনে বীৰু বাউৰীক হত্যা কৰে পৰিকল্পিতভাৱে ৷
হালোৱাটিংৰ তিলক গাৰে নামৰ লোকজনৰ নগালেণ্ডত থকা এখন বাগিচাৰ চৰ্দাৰ হিচাপে নিয়োজিত হৈ থকা বীৰু বাউৰীৰ মৃতদেহ শুকুৰবাৰে পুৱা উদ্ধাৰ কৰা হয় আমগুৰি চাহ বাগিচাৰ সমীপত ৬১ নং ৰাষ্ট্ৰীয় ঘাই পথত ৷ উল্লেখযোগ্য যে ,শুকুৰবাৰে তিলক গাৰেৰ ঘৰত অনুষ্ঠিত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বীৰু বাউৰীয়ে ৷ পৰিয়াল আৰু স্থানীয় লোকে বীৰু বাউৰীক হালোৱাটিংৰ তিলক গাৰেই পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ উত্থাপন কৰি তিলক গাৰেক গ্ৰেপ্তাৰ কৰা,শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা আৰু উচিত ক্ষতিপূৰণৰ দাবী জনায় ৷ নিশা শিৱসাগৰ জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া আৰু আমগুৰি ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ঘটনাৰ ক্ষীপ্ৰ তদন্ত আৰু দোষীক শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাত আৰক্ষী থানা ঘেৰাও কাৰ্যসূচী উঠায় লয় প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়কঃআৰ্জেণ্টিনাত উদ্ধাৰ হ’ল 43 মিলিয়ন বছৰ পুৰণি পেংগুইনৰ জীৱাশ্ম