আমগুৰি, ৩০ ডিচেম্বৰ : সময়ৰ লগে লগে মানুহৰ চিন্তাধাৰাৰো পৰিৱৰ্তন হৈছে । পূৰ্বে মহিলাসকল ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকি ঘৰুৱা কামত ব্যস্ত আছিল । কিন্তু বৰ্তমান পুৰুষৰ সমানে সমানে মহিলাসকলেও সকলো কামতে আগভাগ লৈছে । কৃষিৰ লগতে বিভিন্ন ব্যৱসায়ত জড়িত হৈ পৰিছে মহিলাসকল । নিজৰ এক সুকীয়া পৰিচয়ৰ লগতে স্বাৱলম্বীতাৰ অন্যতম নিৰ্দৰ্শনো দাঙি ধৰিছে বিভিন্নগৰাকী মহিলাই ।
তাৰ উৎকৃষ্ট নিদৰ্শন হৈছে আমগুৰিৰ চুমি বৰা শইকীয়া নামৰ মহিলা উদ্যোগীগৰাকী (Woman entrepreneur in Sivasagar)। "মৰম" নামৰ এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি চুমি বৰা শইকীয়াই এতিয়া অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰিছে । শিৱসাগৰ জিলাৰ কালুগাঁও পাহিগাঁৱত ভাড়াতীয়া হিচাপে থকা চুমি বৰা শইকীয়া এগৰাকী সাম্প্ৰতিক সময়ৰ আদৰ্শবান মহিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ।
শিক্ষিত হৈও কোনো ধৰণৰ চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি নাখায় চুমি বৰা শইকীয়াই নিজা ভাড়াঘৰতে 'মৰম' নামৰ ক্ষুদ্ৰ উদ্যোগটো গঢ়ি তুলিছে । এক ব্যতিক্ৰমী চিন্তাধাৰা আৰু পদক্ষেপৰে চুমি বৰা শইকীয়াই নিজৰ লগতে অন্য বহু মহিলাক সংস্থাপন দিবলৈ সক্ষম হৈছে । আচলতে এই 'মৰম' নামৰ উদ্যোগটোত কি কি সামগ্ৰী নিৰ্মাণ কৰা হয় ? আমাৰ গাওঁ অঞ্চলত সততে লাভ কৰা কিছুমান ঔষধি গুণ সম্পন্ন গছৰ পৰা প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰি উলিওৱা হয় চুমি বৰাৰ এই ক্ষুদ্ৰ উদ্যোগটোত ।
আমি সততে বজাৰৰ পৰা অনা বিভিন্ন ব্ৰেণ্ডৰ চাবোন আমাৰ কাৰণে কিমান সুবিধাজনক অথবা আমাৰ শৰীৰটো বা চালখনৰ কাৰণে কিমান সুবিধাজনক সেইয়া নজনাকৈয়ে আমি তাক ব্যৱহাৰ কৰি থাকো । বহি:ৰাজ্যত ৰাসায়নিক পদাৰ্থৰে প্ৰস্তুত কৰা চাবোন আমাৰ কাৰণে কিমান বিপদজনক সেইয়া নজনাকৈয়ে আমি ব্যৱহাৰ কৰি থাকো । কিন্তু প্ৰকৃতিৰ পৰা উপলব্ধ বহু সামগ্ৰীৰ পৰা আমি ঘৰতে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈয়ে শৰীৰৰ বাবে উপযোগী হোৱাতৈ সেই চাবোন প্ৰস্তুত কৰিব পাৰো ।
তেনে এক চিন্তাধাৰাৰে চুমি বৰাই আৰম্ভ কৰিছিল ক্ষুদ্ৰ উদ্যোগটো । কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰি হালধি, নিমপাত, চাউল, দাইল, গাখীৰ, গোলাপ ফুল, মণিচাল, ঔটেঙা, জবাফুল, আমলখি, নৰসিংহ, জেতুকা, মিঠিগুটি, বিলাহী, চেনি, কমলা, ভোল আদিৰে চাবোন প্ৰস্তুত কৰি স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে মহিলা উদ্যোগীগৰাকীয়ে (Amguri woman made soaps from natural materials)।
আত্মবিশ্বাস আৰু কৰ্মৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীৰে আগ বাঢ়ি গা ধোৱা চাবোন প্ৰস্তুত কৰি চুমি বৰা শইকীয়াই নিজৰ ক্ষুদ্ৰ উদ্যোগটোত শিৱসাগৰ, যোৰহাট, নগাঁও, দুলিয়াজান, গুৱাহাটীৰ লগতে পাঞ্জাৱ, ৰাজস্থানৰ মহিলাসকলো জড়িত কৰি লৈছে । মাহে লক্ষাধিক টকাৰ চাবোন বিক্ৰী কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ উঠা চুমি বৰা শইকীয়াই গ্ৰামাঞ্চলৰ বহু মহিলাক পাইকাৰী হাৰত চাবোন বিক্ৰীৰ জৰিয়তে আৰ্থিক সকাহ দি আহিছে (Organic soap making industry in Sivasagar)।
অসমৰ বহুকেইখন জিলাৰ লগতে ৰাজ্যৰ বাহিৰতো সমাদৰ লাভ কৰা চুমি বৰা শইকীয়াৰ চাবোন ঔষধি গুণসম্পন্ন হোৱাৰ বাবে আৰু প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰাৰ বাবে সহজেই এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । সম্প্ৰতি মাহে চাৰি হাজাৰ চাবোন বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হোৱা চুমি বৰা শইকীয়াৰ ক্ষুদ্ৰ উদ্যোগত ৬০ গৰাকী পুৰুষ-মহিলা জড়িত হৈ আছে ।
এগৰাকী মহিলা বা এজন পুৰুষ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত উভয়ৰে অৱদান থাকে । চুমি বৰা শইকীয়াকো স্বামী নৱজ্যোতি শইকীয়াই বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়ায় আহিছে । ইতিমধ্যে বিশেষভাৱে চৰ্চিত হৈ উঠা চুমি বৰা শইকীয়া এগৰাকী উদ্যমী মহিলা হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক :Self Reliant With Nursery: নাৰ্ছাৰী ব্যৱসায়েৰে স্বাৱলম্বী জোনাইৰ এগৰাকী শিক্ষিত যুৱক