ETV Bharat / state

আমগুৰিৰ এগৰাকী নিসংগ ব্যক্তিৰ কৰুণ কাহিনী... - ration card

শেহতীয়াকৈ কৰ’ণাসৃষ্ট পৰিৱেশত সমগ্ৰ মানৱ জাতিয়ে বুজি উঠিছে আপোনজনক হেৰুওৱাৰ বেদনা ৷ এনে সময়তে শিৱসাগৰৰ এজন বয়োজ্যেষ্ঠ লোকে অকলশৰে পাৰ কৰিছে সময় ৷ চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই লোকজনক ৷ চৰকাৰী সাহায্য অবিহনে অকলে জীৱন-যাপন কৰা লোকজনক সম্প্ৰতি প্ৰয়োজন হৈছে অকনমাণ সহায়ৰ লগতে এষাৰি মাতৰ ৷

old-man-living-alone-with-poverty-in-amguri
চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা এজন অকলশৰীয়া জ্যেষ্ঠ্য নাগৰিক
author img

By

Published : Jun 6, 2021, 1:56 PM IST

আমগুৰি,6 জুন: শিৱসাগৰ জিলাৰ আমগুৰিৰ চৰাইমুৰীয়া গাঁৱৰ ৭ নং ৱাৰ্ডৰ এগৰাকী নিসংগ বয়োজ্যেষ্ঠ ব্যক্তি, নাম মনোৰাম শইকীয়া ৷ এখন টিনৰ চালিৰ তলত অকলে বাস কৰে তেওঁ ৷ আপোন বুলিবলৈ মানুহজনৰ নাই কোনো, নাই এটা বাসোপযোগী ঘৰ ৷ কোনো এখন চৰকাৰী আঁচনিয়েই ঢুকি নোপোৱা লোকজনে আজিলৈকে লাভ নকৰিলে কোনো ধৰণৰ সা-সুবিধা ৷

চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা এজন অকলশৰীয়া জ্যেষ্ঠ্য নাগৰিক

চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহৰ কাৰণে অভিলাষী আঁচনি গ্ৰহণ কৰাৰ পিছতো কিন্তু শইকীয়াৰ দৰে লোকসকল বাদ পৰি ৰৈছে হিতাধিকাৰীৰ তালিকাৰ পৰা ৷ তাৰ পিছতো এনে বিষয়সমূহ চকুত নপৰিল স্থানীয় জন প্ৰতিনিধিৰ লগতে ৰজাঘৰীয়াৰ ৷ ব্যক্তিগৰাকীক বাসপযোগী এটা ঘৰ দিয়াৰ লগতে চৰকাৰী আঁচনিত অন্তৰ্ভূক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক: জৰাজীৰ্ণ দলঙে জীয়াতু ভোগাইছে বিলাসীপাৰাবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.