ETV Bharat / state

মুণ্ডন কৰি দিহিং পাটকাইৰ কয়লাৰ মুক্ত খননৰ প্ৰতিবাদ শিৱসাগৰৰ নিজৰা ফুকন

author img

By

Published : May 23, 2020, 7:33 PM IST

নিজৰা ফুকনে প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত দেশব্যাপি সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ বিগত সময়ত ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামৰ পৰা ২২৪৬ কিলোমিটাৰ পদযাত্ৰা কৰি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছিল ।

Nijar Phukan protest against Dehing Patkai open Coal mining
মুণ্ডন কৰি দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ প্ৰতিবাদ শিৱসাগৰৰ নিজৰা ফুকনৰ

শিৱসাগৰ, 23 মেঃ দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰাক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদ । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে চৰাইদেউৰ 'বৃক্ষবন্ধু' নামৰ প্ৰকৃতি সংৰক্ষণ সংগঠনৰ সম্পাদিকা নিজৰা ফুকনে মুণ্ডন কৰি প্ৰতিবাদ কৰে । দিহিং পাটকাই বৰ্ষাৰণ্যখনক সুৰক্ষা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন মুকলি পত্ৰও প্ৰেৰণ কৰে ।

পত্ৰখনত উল্লেখ কৰা অনুসৰি, জৈৱ-বৈচিত্ৰ্যৰ অপূৰ্ব সমাহাৰেৰে ভৰপুৰ দিহিং-পাটকাই বৰ্ষাৰণ্যখনত কয়লা মুক্ত খনন কাৰ্যৰ ফলত ইয়াৰ প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব । এগৰাকী প্ৰকৃত অসমীয়া তথা ৰাজ্যৰ শাসনৰ মুৰব্বী হিচাপে এই বৰ্ষাৰণ্যখন ধ্বংস নকৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনায় নিজৰা ফুকনে ।

দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ প্ৰতিবাদ নিজৰা ফুকনৰ

উল্লেখ্য যে, নিজৰা ফুকনে প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত দেশব্যাপি সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ বিগত সময়ত ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামৰ পৰা ২২৪৬ কিলোমিটাৰ পদযাত্ৰা কৰি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছিল ।

লগতে পঢ়ক- কৰিমগঞ্জত কোৱাৰেণ্টাইন কেন্দ্ৰত চৰম বিশৃংখলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.