শিৱসাগৰ, 16 ডিচেম্বৰ : মাৰাডোনাৰ হাতঘড়ী চুৰিৰ গোচৰ(maradonas stolen watch case)ত অভিযুক্ত ৱাজিদক বৃহস্পতিবাৰে প্ৰেৰণ কৰা হ’ল ন্যায়িক জিম্মালৈ ৷ এই গোচৰ সন্দৰ্ভত শুকুৰবাৰে ৰায় দিব আদালতে ৷ পিছে এতিয়া অভিযোগ উত্থাপিত হৈছে যে, শিৱসাগৰ আৰক্ষীৰ ভুলৰ বাবেই মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ব পাৰে মাৰাডোনাৰ ঘড়ী চোৰৰ ৷
উল্লেখযোগ্য যে, ডুবাইৰ পৰা মাৰাডোনাৰ HUBLOT ঘড়ীটো চুৰি(Stolen Hublot watch of Maradona) কৰাৰ অভিযোগত যোৱা 11 ডিচেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চোৰটোক ৷ চাৰিদিন আৰক্ষীৰ জিম্মাত আছিল এই বহু চৰ্চিত চোৰটো ৷ সম্প্ৰতি শিৱসাগৰ কাৰাগাৰৰ আলহী ৱাজিদ হুছেইন ৷
কিন্তু ৱাজিদৰ অধিবক্তাৰ মতে পুলিচে ভুল গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ৱাজিদক ৷ ইফালে অভিযোগ অনুসৰি, আৰক্ষীয়ে দিব পৰা নাই এই চুৰি কাৰ্যৰ তথ্য ৷ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই গোচৰটোত আৰক্ষীৰ ভুল পদক্ষেপ থকাৰো অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ মতে, আন্ত:ৰাষ্ট্ৰীয় নীতি অনুসৰি আৰক্ষীয়ে লোৱা নাই পদক্ষেপ ৷
আনহাতে, Indian Federal LEA ৰো কোনো নথি শিৱসাগৰ আৰক্ষীৰ হাতত নাই বুলিও উত্থাপিত হৈছে অভিযোগ । ইপিনে ঘড়ী চুৰি হোৱাৰো কোনো তথ্য শিৱসাগৰ আৰক্ষীৰ হাতত নাই বুলিও তুলিছে দাবী ৷ এনে অৱস্থাত অভিযুক্ত ৱাজিদ হুছেইন পুনৰ মুকলি আকাশৰ তললৈ হেলাৰঙে ওলাই যাব পাৰিব নেকি বুলি প্ৰশ্নৰ উত্থাপন হৈছে সচেতন মহলত ৷
লগতে পঢ়ক : Pradip Buragohain Arrested: বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ ACAৰ প্ৰাক্তন সম্পাদক