আমগুৰি, 17 নৱেম্বৰ: গ্ৰামাঞ্চল সাংবাদিকতাৰ বাবে ৰাজ্যৰ এক অন্যতম মঞ্চ হিচাপে বিবেচিত হৈ অহা শিৱসাগৰ জিলা গ্রাম্য সাংবাদিক সংঘই 16 নৱেম্বৰত পালন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ৷ আমগুৰি পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত আমগুৰিৰ জ্যেষ্ঠ সাংবাদিক তথা আমগুৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্ত, আমগুৰিৰ প্ৰৱীণ সাংবাদিক তথা আমগুৰি ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পুলিন বৰঠাকুৰ, আমগুৰিৰ বাতৰি কাকত বিতৰক প্ৰবীণ ভূঞাক গামোচা, সম্বৰ্ধনা পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।


শিৱসাগৰ জিলা গ্রাম্য সাংবাদিক সংঘৰ সভাপতি প্ৰসেনজিৎ গগৈয়ে সভাপতিত্ব কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰফুল্ল বৰুৱা, বিশিষ্ট কবি তথা আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যোগেশ কিশোৰ ফুকন, শিক্ষাবিদ ৰঞ্জিত শৰ্মা, যুৱ সমাজকৰ্মী মুজিদ আলি উপস্থিত থাকে । শিৱসাগৰ জিলা গ্রাম্য সাংবাদিক সংঘৰ সম্পাদক সমীৰণ দুৱৰাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ঠ অতিথিৰ ভাষণত প্ৰফুল্ল বৰুৱাই কয়, "সাংবাদিকসকল অক্লান্ত সৈনিক আৰু কলম তেওঁলোকৰ প্ৰধান অস্ত্ৰ, যাৰদ্বাৰা তেওঁলোকে সমাজখন নিকা কৰিব পাৰে । নিৰপেক্ষ সাংবাদিকতা সমাজ সুস্থিৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।"
আনহাতে শিক্ষাবিদ যোগেশ কিশোৰ ফুকনে কয়, "উচটনিমূলক সাংবাদিকতা সমাজ আৰু সাংবাদিক দুয়োপক্ষৰ বাবেই ক্ষতিকাৰক । এনে সাংবাদিকতাই সমাজক বিভ্ৰান্ত কৰে ।" পৰাগ কুমাৰ দাস আৰু কমলা শইকীয়াৰ দৰে সাহসী সাংবাদিকৰ ত্যাগ সংবাদ ক্ষেত্ৰত সদায় স্বৰ্ণিল হৈ জিলিকি ৰ’ব বুলি মন্তব্য কৰে শিক্ষাবিদ ৰঞ্জিত শৰ্মাই । উক্ত অনুষ্ঠানতে নলিনী মহন্ত, সমাজকৰ্মী মুজিদ আলিয়ে বক্তব্য প্ৰদান কৰে ।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই স্থানীয় বিশজনৰো অধিক সাংবাদিকক শুভেচ্ছা পত্ৰ প্ৰদান কৰা হয় ।