ETV Bharat / state

নামতি কাণ্ডঃ ঘটনা সন্দৰ্ভত আটক 7জন অভিযুক্ত - Namti tense

উকি মৰাক কেন্দ্ৰ কৰি শিৱসাগৰ জিলাৰ নামতিত সংঘটিত হোৱা উত্তপ্ত পৰিস্থিতিক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আটক কৰিছে সাতজন লোকক ৷

namti-tense
নামতি কাণ্ডঃ ঘটনা সন্দৰ্ভত আটক 7জন অভিযুক্ত
author img

By

Published : Jan 31, 2021, 10:39 PM IST

আমগুৰি, ৩১ জানুৱাৰী : শনিবাৰে সন্ধিয়া শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতি চাৰিআলিত সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতিৰ । ঘটনাৰ বিৱৰণি অনুসৰি, শুকুৰবাৰে এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল নামতি চাৰিআলিৰ গোলাপজান আলি নামৰ এজন যুৱকৰ । শনিবাৰে নামতিৰ নিজা বাসগৃহলৈ মৃতদেহ লৈ অহাৰ সময়ত এখন গোকানৰ ওচৰত কোনো লোকে উকি মৰাৰ অভিযোগ উত্থাপন কৰি মৃতদেহৰ লগত আহি থকা একাংশ লোকে হাতে হাতে লাঠি লৈ প্ৰৱেশ কৰে হোটেলখনত । লোকসকলে এখন এল্ট্ৰ'কে আদি কৰি ১০খন গাড়ী, চাৰিখন মটৰ চাইকেল ভাঙি চুৰমাৰ কৰে । হোটেলখনত কৰ্মৰত দুজন কৰ্মীৰ লগতে গ্ৰাহককো শাৰিৰীকভাৱে প্ৰহাৰ কৰে উত্তেজিত লোকসকলে । ফলত পৰিস্থিতি উত্তপ্ত হৈ উঠে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত নামতি, আমগুৰি, হালোৱাটিং, গেলেকী, শিমলুগুৰি, শিৱসাগৰ আৰক্ষী আৰু চিআৰপিএফ বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় ৷ ইফালে উক্ত সময়ত উক্ত স্থানত কোনো লোকে উকি মৰাৰ অভিযোগক অস্বীকাৰ কৰিছে উক্ত ঠাইত কাম কৰি থকা লোকসকলৰ লগতে দোকানীয়ে ৷

নামতি কাণ্ডঃ ঘটনা সন্দৰ্ভত আটক 7জন অভিযুক্ত

শনিবাৰৰ সন্ধিয়া সংঘটিত ঘটনা সংক্ৰান্তত ইতিমধ্যে আমগুৰি আৰু শিৱসাগৰ আৰক্ষীয়ে মহম্মদ নুৰচাট আলি, মহম্মদ মিন্টু ৰহমান, মহম্মদ ৰিতু ৰহমান ,মহম্মদ চৰিফউদ্দীন আহমেদ, মহম্মদ ফৰিদ ইছলাম হাজৰিকা, মহম্মদ চাহাবুদ্দিন আহমেদ, মহম্মদ বাবলু বেনেট নামৰ লোককেইজনক আটক কৰিছে ৷

ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 147,148,149,325,379,427,295(A) ধাৰাত এক গোচৰ ৰুজু কৰি লোক কেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । এই ঘটনাক লৈ বৰ্তমানলৈকে অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ পৰিস্থিতিলৈ লক্ষ্য ৰাখি দেওবাৰেও নামতি চাৰিআলি অঞ্চলত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক: ৰাজ্যজুৰি উদযাপন পবিত্ৰ মে-ডাম মে-ফী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.