আমগুৰি, ৩ অক্টোবৰ: শিৱসাগৰৰ দিখৌমুখৰ ঐতিহাসিক ৰামখাপীঠ দেৱালয়ৰ নৱ নিৰ্মিত মূল তোৰণখন সোমবাৰে উদ্বোধন (Inauguration of main gate of Ramkhapeeth) কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে । তোৰণখন উদ্বোধন কৰি ভক্ত আৰু পৰ্যটকৰ আগমণৰ বাবে অনাগত দিনত ৰামখাপীঠ দেৱালয়খন অধিক সুন্দৰ ৰূপত গঢ়ি তুলিব বুলি কয় সাংসদ গগৈয়ে । ইয়াৰ পিছতেই সপৰিয়ালে সেৱা ল'লে সাংসদগৰাকীয়ে ।
উল্লেখ্য যে শিৱসাগৰৰ দিখৌমুখৰ দেওঘৰীয়া গাঁৱত অৱস্থিত এই পৌৰাণিক তন্ত্ৰপীঠখন ১৭৬৯ চনৰ পৰা ১৭৭৫ চনৰ ভিতৰত ত্ৰিবেনী সংগম অৰ্থাৎ দিখৌ-দৰিকা-ব্ৰহ্মপুত্ৰৰ সংগমস্থল দিখৌমুখত স্বৰ্গদেও লক্ষ্মী সিংহই পুনৰ নিৰ্মাণ কৰিছিল । আহোমসকল অসমলৈ অহাৰ আগৰে পৰা ৰামখা দেওশালখন (Ramkha Deoshal) আছে ৷ ১১৯০ শকত স্বৰ্গদেও চুতেওফা ফুৰিবলৈ আহি এই দেওশালৰ আধ্যাত্মিকতা উপলব্ধি কৰি বৰ দেউৰী, সৰু দেউৰী, দেওঘৰীয়া, আঠপৰীয়া, তেলী, মালি, নাপিত, কমাৰ, বলিকটীয়া, বাৰিচোৱা, বেলিচোৱা, চাউলকৰা, মানীতোলা ইত্যাদিবোৰ পদবীৰে দেওশালৰ ওচৰৰ মানুহখিনিক লৈ পূজা-অৰ্চনাৰ কাম পুণৰ আৰম্ভ কৰে ৷
তথ্য় অনুসৰি ৰামখাপীঠ দেওশাল কছাৰী, চুতীয়া আৰু বৰাহী সকলৰ দিনতে স্থাপন হোৱা ৷ তাৰ পাছৰ বুৰঞ্জীমতে কেইশমান বছৰৰ পাছত দিখৌ নৈয়ে সেই দেওশাল খহাই জলগৰ্ভলৈ সোমোৱাই লৈ যায় । স্বৰ্গদেউ লক্ষীসিংহৰ দিনত এই পীঠস্থান পুনৰ উদ্ধাৰ হয় ৷ সেই বৰ্ণনা অনুযায়ী এদিন স্বৰ্গদেও লক্ষীসিংহই ৰংপুৰৰ কাৰেঙৰ পৰা ৰূপহীজানেদি দিখৌ নদী হৈ ব্ৰহ্মপুত্ৰ লৈ বুলি গৈছিল ৷ কথিত আছে যে যি ঠাইত ৰামখা দেওশালখন জলগৰ্ভত আছিল সেই ঠাইৰপৰা ৰজাঘৰীয়া নাওবোৰ আগপিচ নোহোৱা হ'ল আৰু নাওবৈচাসকলৰ মাজত হাহাকাৰ লাগিল ৷
সেইদিনা ৰাতি স্বৰ্গদেৱে সপোনত দেখিলে যে দিখৌৰ গৰ্ভত দেৱীৰ জাগ্ৰত বিগ্ৰহ আছে ৷ পাছদিনা স্বৰ্গদেৱে পূজা-বলিবিধান উচৰ্গা কৰি দেৱীৰ বিগ্ৰহ উদ্ধাৰ কৰি নতুন মন্দিৰ এটা সজাৰ মানস কৰাত নাও লৰিল ৷ জলগৰ্ভৰ সমলবোৰ উদ্ধাৰ কৰি এই ঠাইৰ ওচৰতে ৰজাই নতুনকৈ দেওশালখন প্ৰতিস্থা কৰি ১০ পুৰা মাটি নিস্কৰ কৰি দিয়ে ৷
মোৱামৰা মৰাণৰ বিদ্ৰোহৰ সময়ত এই দেওশালখনৰ ভালেখিনি আচবাব নষ্ট হয় আৰু ইয়াৰ সকলোবোৰ ধন-সোণ মোৱামৰীয়াসকলে লুটি লৈ যায় ৷ তাৰ পাছতো যি কিছু সম্পদ থাকি গ'ল সেইখিনি মানৰ আক্ৰমণৰ সময়ত ধ্বংস হ'ল ৷ কিছুদিনৰ পাছতে এই দেওশালকে ধৰি এটা বৃহৎ এলেকা পুনৰ দিখৌৱে সামৰি লয় ৷ এইসমূহৰ ভিতৰত ১০ ফুটৰ এক শিলৰ গহ্বৰ য'ত দেৱীৰ পীঠ আৰু শিৱলিঙ্গ আছে ৷ ডেৰ-দুফুট উচ্চতাৰ বিষ্ণু, লক্ষী আৰু সৰস্বতীৰ তিনিটা মূৰ্তিও ইয়াত আছে ৷ ইয়াৰ উপৰি এতিয়ালৈকে উদ্ধাৰ হৈছে এটা তিনিফুট ওখ শিলৰ কলচী, শিলৰ খুটা আৰু ৪ খন বলি কটা দা ৷ তদুপৰি দা ধৰোৱা শিল, গণেশৰ মূৰ্তি থকা খুটা ইত্যাদিবোৰো শেহতীয়াকৈ উদ্ধাৰ হৈছে ৷ ৰামখা দেৱালয়খন এতিয়াও সকলোৱে জাগ্ৰত বুলিয়েই অভিহিত কৰে ।
লগতে পঢ়ক:কুৰুখ সাহিত্য সভাৰ ১৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনৰ সফল সামৰণি