আমগুৰি, ১২ মাৰ্চ: নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছতো ৰাজ্যত প্ৰতিদিনে জব্দ হৈছে লাখ লাখ টকা । আৰক্ষী-প্ৰশাসনে নিৰ্বাচনী আচৰণ বিধি উলংঘা নকৰিবলৈ বাৰম্বাৰ সকীয়াই দিয়াৰ পিছতো ভ্ৰূক্ষেপ নাই একাংশ লোকৰ । নগদ লাখ লাখ টকা সৰবৰাহ কৰি ষ্টেটিক ছাৰ্ভিলেন্স টীমৰ ৰোষত পৰিছে বহু লোক ।
![আমগুৰিত ষ্টেটিক ছাৰ্ভিলেন্সৰ তালাচীত জব্দ পাঁচ লক্ষাধিক টকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-amg-806-809-12-mar-money-rescued-visual-photo-samiran-duarah_12032021135220_1203f_1615537340_754.jpg)
শুক্ৰবাৰে শিৱসাগৰৰ আমগুৰিত জব্দ হ'ল নগদ পাঁচ লক্ষাধিক টকা । আমগুৰি আৰক্ষী থানাৰ ষ্টেটিক ছাৰ্ভিলেন্স টীমৰ নিয়মীয়া তালাচীত এই ধনখিনি জব্দ হয় । জাঁজীৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে AS 04 T 4613 নম্বৰৰ মাৰুতি ভেনত অনা হৈছিল এই বৃহৎ পৰিমাণৰ ধনৰাশি । ধন লৈ অহা লোকজনে জাঁজীস্থিত বন্ধন বেংকৰ পৰা আমগুৰি বন্ধন বেংকলৈ ধনৰাশি অনা হৈছে বুলি জনাইছে যদিও বৰ্তমানলৈকে উপযুক্ত নথি-পত্ৰ প্ৰদৰ্শন কৰিব পৰা নাই ।
সেয়ে, ষ্টেটিক ছাৰ্ভিলেন্স টীমে ধনিখিনি জব্দ কৰিছে । উল্লেখ্য যে, নিৰ্বাচনৰ দিন ঘোষণা কৰা দিনৰ পৰা নিৰ্বাচনী আয়োগে নগদ ৫০ হাজাৰতকৈ অধিক ধন সৰবৰাহ কৰাত বাধা আৰোপ কৰিছে যদিও ৰাজ্যৰ একাংশ লোকে নিৰ্বাচনী আয়োগৰ নিৰ্দেশক অৱমাননা কৰি আহিছে ।
লগতে পঢ়ক:গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড