এইবাৰ অংক মাষ্টৰৰ ৰূপত বিধায়ক ৰকিবুল হুছেইন - কংগ্ৰেছ
আমগুৰিত অংক মাষ্টৰৰ ৰূপত দেখা গ’ল চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক ৷ কংগ্ৰেছ নেত্ৰী ড৹ অংকিতা দত্তৰ জয়ৰ অংকৰ সমীকৰণ কৰি কংগ্ৰেছৰ মহাজোঁটবন্ধন তথা ‘কা’ আন্দোলনৰ বাবে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ জয় নিশ্চিত বুলি মন্তব্য কৰে বিধায়ক হুছেইনে ৷
আমগুৰি,1 নৱেম্বৰ : বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উক্তি স্বীকাৰ কৰি আমগুৰিত অংক মাষ্টৰৰ ৰূপত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন ৷
শনিবাৰে বিয়লিৰ ভাগত শিৱসাগৰৰ আমগুৰিত উপস্থিত হৈ কংগ্ৰেছ নেত্ৰী ড৹ অংকিতা দত্তৰ জয়ৰ অংকৰ সমীকৰণ কৰি দেখুৱলে বিধায়ক ৰকিবুল হুছেইনে । তেওঁ কয় যে,‘‘বিজেপিৰ মিছন 100+ ঠিকেই থাকিব, কিন্তু যোগ-বিয়োগতহে খেলি-মেলি হ’ব । বিজেপিয়ে 126 টা সমষ্টিৰ 100 খন আসন পাব নে 26 খন হে পাব সেইটোহে আচল কথা ৷ কংগ্ৰেছৰ মহাজোঁটবন্ধন তথা ‘কা’ আন্দোলনৰ বাবে এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত’’ ।
আনহাতে, 29 অক্টোবৰত অগপৰ কৰ্মী সমাৰোহত অতুল বৰাই কংগ্ৰেছ আৰু AIUDFক অজগৰ আৰু এনাকোণ্ডা বুলি কৰা মন্তব্যৰ আঁত ধৰি কংগ্ৰেছ নেতাজনে কয় যে, ‘‘সেই সাপ আগৰ পৰাই আছে আৰু এইবাৰ নিৰ্বাচনত সেই সাপে মিত্ৰজোঁটক দংশন কৰিব’’ ।
লগতে পঢ়ক : 78 কোটি টকীয়া বেকী ব্ৰীজত ছিৰাল ফাট