আমগুৰি, 26 মে': ৰাজ্যত কৰ’ণা মহামাৰীয়ে লৈছে সংহাৰী ৰূপ ৷ দেশৰ লগতে অসমতো অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷
এইবাৰ ক’ভিড-19ত আক্ৰান্ত হ’ল আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ৷ মঙলবাৰে বিধায়ক হাজৰিকাই গুৱাহাটীত ক’ভিড পৰীক্ষা কৰিছিল ৷ বুধবাৰে তেওঁৰ দেহত ক’ভিড-19ৰ অৱস্থিতি নিশ্চিত হৈ পৰে ৷
সম্প্ৰতি বিধায়কগৰাকী শিৱসাগৰৰ দ'লমুখ চাৰিআলি ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছে ৷ ক’ভিড আক্ৰান্ত হৈ থকা বিধায়ক গৰাকীৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰিছে আমগুৰি সমষ্টিবাসীয়ে ৷
লগতে পঢ়ক :পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ৱাৰ্ড সদস্যৰ