আমগুৰি, 12 মে' : দৰিদ্ৰতাই কোঙা কৰা আমগুৰিৰ এটা পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৷ আমগুৰি সমষ্টিৰ দিকচু গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰিয়ৰাম গগৈৰ পৰিয়ালটোৱে বিগত কেবাবছৰে দুৰ্বিষহভাৱে জীৱন অতিবাহিত কৰি আহিছে ৷ ৰোগাক্ৰান্ত প্ৰিয়ৰাম গগৈৰ সন্তান ঘন গগৈয়ো মানসিকভাৱে কিছু অসুস্থ । তিনিজনীয়া পৰিয়ালটোৰ উপাৰ্জনকাৰী ব্যক্তিজন ৰুগীয়া হোৱাত পত্নীয়েই খুজি মাগি পৰিয়ালটো পোহ-পাল দিছে ৷
![Pathetic condition of a poor family in Amguri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-amguri-801-806-12-may-story-a-poor-family-visual-bite-photo-samiran-duarah_12052020073235_1205f_1589248955_30.png)
প্ৰিয়ৰাম গগৈৰ পত্নীৰ বাবে স্বামী আৰু পুত্ৰৰ ন্যূনতম চিকিৎসাটো দূৰৰ কথা দুবেলা দুমুঠি যোগাৰ কৰাটো কষ্টকৰ হৈ পৰিছে । ইয়াৰোপৰি বাসস্থানো জৰাজীৰ্ণ। অস্বাস্থ্যকৰ পৰিবেশত দিন ৰাতি একাকাৰ কৰি ৰ'দ-বৰষুণতে জীৱন অতিবাহিত কৰিবলগীয়া হোৱা পৰিয়ালটোক অৱশেষত সহায় কৰিবলৈ আগবাঢ়ি আহিল স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকা। আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ লগতে একাংশ জাতীয় সংগঠনৰ নেতা-কৰ্মীয়ে আৰ্থিক সহায় আগবঢ়ায় মহানুভৱতাৰ পৰিচয় দাঙি ধৰে।
লগতে পঢ়ক : ন-প্ৰভাতৰ সুখৰ কিৰণ জানমণিৰ চোতালত !