ETV Bharat / state

Akhil Gogoi: শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলাৰ বাবে হিমন্ত বিশ্ব শৰ্মা-নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান অখিল গগৈৰ - শিৱসাগৰ সমষ্টি

2024ৰ লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৰাইজৰ দলে ৷ এই ইংগিত দিছে অখিল গগৈয়ে ৷ বিজেপিৰ লগতে অগপকো আক্ৰমণ কৰি অগপৰ আমবাৰী কাৰ্যালয়টো হিমন্ত বিশ্ব শৰ্মাক নিলামত দিলে বুলি মন্তব্য অখিল গগৈৰ ৷

Akhil Gogoi
Akhil Gogoi
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 3:46 PM IST

শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলাৰ বাবে হিমন্ত বিশ্ব শৰ্মা-নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান অখিল গগৈৰ

আমগুৰি, ২৪ আগষ্ট: ২০২৪ ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা অথবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দিতা কৰিলেও যোৰহাট লোকসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীক পৰাজয় কৰিব নোৱাৰে ৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক অখিল গগৈয়ে আৰম্ভ কৰিছে কুচকাৱাজ ৷ আমগুৰি সমষ্টিৰ একাংশ অঞ্চল শিৱসাগৰ সমষ্টিত চামিল হোৱাৰ পিছতেই বিধায়ক অখিল গগৈয়ে নতুনকৈ অন্তৰ্ভুক্ত হোৱা অঞ্চলৰ ৰাইজৰ লগত মত-বিনিময় কৰে ৷

সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘২০২৪ ত ৰাইজৰ দলে কেৱল যোৰহাট লোকসভা সমষ্টিটো বিচাৰিছো ৷ ১২ টা বিৰোধী ঐক্যমঞ্চ একলগ হৈ ৰাইজৰ দলে কেৱল যোৰহাট লোকসভা সমষ্টি বিচাৰিছে ৷’’

বিজেপিকো তীব্ৰ সমালোচনা অখিল গগৈৰ ৷ তেওঁ কয় যে ২০২৪ ত বিজেপিক প্ৰতিহত কৰিব নোৱাৰিলে বিজেপিয়ে দেশৰ সংবিধানখনেই বদলি কৰি ল’ব । ৫০ বছৰলৈ নিৰ্বাচন অনুষ্ঠিত নকৰিব বিজেপিয়ে ।

কোন হিমন্ত বিশ্ব শৰ্মা বুলি প্ৰশ্ন কৰি অখিলে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ সমষ্টি ডিমৌ কৰিব বিচাৰিছিল ৷ বিধায়ক অখিল গগৈয়ে দপদপাই দিয়াৰ বাবে এই সিদ্ধান্ত বন্ধ হ’ল ৷ এটা ধমকতে শিৱসাগৰ সমষ্টি ডিমৌ কৰিব নিদিলো ৷’’

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাকো কটাক্ষ অখিল গগৈৰ ৷ তেওঁ কয়, ‘‘প্ৰদীপ হাজৰিকাই সমষ্টি যোৱাৰ কথা জানিও মুখ্যমন্ত্ৰী অথবা অতুল বৰাৰ ওচৰত হুলস্থূল নকৰিলে । প্ৰদীপ হাজৰিকা হয় দুৰ্বল, নহয় আত্মসন্মান বিক্ৰী কৰা মানুহত পৰিণত হ'ল । প্ৰদীপ হাজৰিকাই সমষ্টিও ৰাখিব নোৱাৰিলে, আমগুৰি ভৱনৰ মাটিও বিক্ৰী কৰিলে । ইমান লোভ ভাল নহয় । নিজৰ এটা স্থিতি থকা দৰকাৰ ।’’

বিধায়ক গগৈয়ে লগতে কয় যে প্ৰদীপ হাজৰিকাই আমগুৰি ভৱনৰ মাটিও যেনেদৰে বণিয়াক বিক্ৰী কৰিলে তেনেদৰে সমষ্টিটো বিজেপিক বিক্ৰী কৰিলে । অসম গণ পৰিষদ বিক্ৰী যোৱা এটা দ'ল । এই দ'লটোৰ বিষয়ে কথা পাতি লাভ নাই । অগপৰ আমবাৰী কাৰ্যালয়টো হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত নিলামত দিলে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমবাৰী কোম্পানীটোৰ মালিক ।’’

উল্লেখ্য যে বুধবাৰে বিয়লি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে গৌৰীসাগৰ, দিখৌমুখ, স'ৰাগুৰি চাপৰি, ম'ৰাবজাৰ, দেওৰজা, চামগুৰি অঞ্চলত উপস্থিত হৈ ৰাইজৰ লগত মত-বিনিময় কৰে ।

লগতে পঢ়ক: Pabitra Margherita to Gaurav Gogoi: হিন্দী অথবা ভাল ইংৰাজী ক’লেই ভাল নেতা বা সমাজকৰ্মী হ’ব নোৱাৰে; পবিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.