শিৱসাগৰ,28 জানুৱাৰী: বিগত বর্ষ সমূহৰ দৰে এইবছৰো শিৱসাগৰ বৰ্ডিং খেলপথাৰত আয়োজন কৰা হৈছে বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি ৷ অহা ইংৰাজী 30 আৰু 31 জানুৱাৰীত দুদিনীয়া কার্যসূচীৰে আয়োজন কৰা হৈছে বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি অনুষ্ঠান ৷ বৃহস্পতিবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত উদযাপন সমিতিয়ে সদৰী কৰিছে মে-ডাম-মে-ফি অনুষ্ঠানৰ সমগ্ৰ কাৰ্যসূচী ৷ কার্যসূচী অনুসৰি 30 জানুৱাৰীৰ পুৱা 7 বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ পাছতে 7:30 বজাত পৰম্পৰাগত নাওঁখেল, 10:30 বজাতপ্ৰদর্শনী উদ্বোধন, 11 বজাত পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত হ'ব ৷ আনহাতে বিয়লি 5 বজাত বিশেষ আলোচনাচক্ৰ আৰু সন্ধিয়া 6 বজাত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হ'ব ৷ লগতে সন্ধিয়া 7 বজাত বিশেষ সম্বর্ধনা অনুষ্ঠান আৰু সন্ধিয়া 8 বজাত সংগীতৰ অনুষ্ঠান-"শীতৰ সেমেকা ৰাতি অনুষ্ঠিত হ'ব ৷
একেদৰে 31 জনুৱাৰীৰ পুৱা 7 বজাত চাইকেল ৰেলী, 8 বজাত চাফাই অভিযান আৰু 9 বজাত মেডাম-মে-ফি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ আনহাতে দিনৰ 11 বজাত বিশেষ আলোচনা সভা, বিয়লি 1 বজাত কুইজ প্ৰতিযোগিতা,বিয়লি 3 বজাত বঁটা বিতৰণি অনুষ্ঠান, বিয়লি 4 বজাত বিশেষ আলোচনা চক্ৰ, বিয়লি 5 বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব ৷ সন্ধিয়া 6 বজাত প্ৰয়াত অশ্বিনী চেতিয়াৰ জীৱনৰ ওপৰত প্ৰকাশিত হব লগা গ্ৰন্থ "আধৰুৱা সপোন"ৰ উন্মোচন কৰাৰ পাছতে সন্ধিয়া 6:30 বজাত সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰিব সাংসদ তপন কুমাৰ গগৈয়ে ৷ সন্ধিয়া 7 বজাত বিশেষ সম্বর্ধনা অনুষ্ঠান ৷ সন্ধিয়া 7:30 বজাত জনপ্ৰিয় অভিনেতা ৰবি শর্মাৰ অভিনয় আৰু মনদীপ গগৈৰ পৰিচালনাত লাচিত বৰফুকন নাটক মঞ্চস্থ কবা হ'ব ৷ নিশা 9 বজাত সংগীতৰ অনুষ্ঠান "চিনাকী সুৰ" জৰিয়তে দুদিনীয়া অনুষ্ঠানৰ সামৰণি পৰিব ৷
উল্লেখ্য যে, মে-ডাম-মে-ফিৰ দুদিনীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজহমন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাচা,সাংসদ গৌৰৱ গগৈ উপস্থিত থাকিব ৷ লগতে বলীউদৰ অভিনেতা ৰবি জাংঘু,অভিনেতা ৰবি শর্মা,নিউজ লাইভৰ মুখ্য সম্পাদক জাৰিৰ হুছেইন,আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, ক্ৰীড়া আৰু যুৱ কল্যাণ সচিৱ লক্ষ্য কোঁৱৰ আদিকে কৰি বহু বিশিষ্ট ব্যক্তি,শিল্পী,কলা-কুশলী উপস্থিত থাকিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে উদযাপন সমিতিয়ে ৷
লগতে পঢ়কঃ তিনিবছৰীয়া সন্তানক এৰি প্ৰেমিকৰ সৈতে পলাল প্ৰেমিকা