নাজিৰা, 30 জুলাই : ৰাজ্যত এফালে ক'ভিড-19 আৰু আনফালে বানপানীয়ে ৰাইজক জুৰুলা কৰি থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ বিভিন্ন দল-সংগঠনে এই প্ৰতিবাদ সাব্যস্ত কৰিছে ৷
বৃহস্পতিবাৰে শিৱসাগৰৰ নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ আহ্বানত নাজিৰা চহৰৰ মাজমজিয়াত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ উক্ত প্ৰতিবাদস্থলীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীয়ে ৷ লগতে,যিকোনো পৰিস্থিতিতে নাগৰিকত্ব সংশোধনী আইনখন আছুৱে সমৰ্থন নকৰে বুলিও স্পষ্ট কৰে ৷
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ আন্দোলনৰ সৃষ্টি হৈছিল ৷ আছুকে আদি কৰি অসমৰ প্ৰায় সমূহ দল-সংগঠনে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল ৷ 2019 চনৰ ডিচেম্বৰত অসমত এই আন্দোলন তীব্ৰতৰ হৈ উঠিছিল ৷ অসমবাসী ৰাইজ এই আইনখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল ৷ কিন্তু শেহতীয়াকৈ ক'ভিড-19 আৰু বানপানীৰ বাবে এই আন্দোলন কিছু পৰিমাণে স্তিমিত হৈছে যদিও বৰ্তমানেও অব্যাহত আছে ' কা' বিৰোধী আন্দোলন ৷
লগতে পঢ়ক : পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা বাতিলৰ দাবীত গোলাঘাটত উত্তাল প্ৰতিবাদ