ETV Bharat / state

সমুখত যুৱতী দেখি কৰিলে অশালীন মন্তব্য, লপা থপা খাই লক্ আপত সোমাল দুই সন্তানৰ পিতৃ

author img

By

Published : Nov 9, 2021, 4:29 PM IST

Updated : Nov 9, 2021, 5:23 PM IST

দিন দুপৰতে যুৱতীক দেখি অসৎ কাৰ্য চৰিত্ৰাৰ্থ কৰাৰ উদ্দেশ্য লৈ এইবাৰ পাকত পৰিল দুটাকৈ সন্তানৰ পিতৃ ৷ জানো আহক তাৰ পিছত কি অৱস্থা হ’ল লোকজনৰ ৷

married-man-gets-in-trouble-after-verbally-abusing-lady-in-market-place
বজাৰত মহিলা দেখি উত্তেজনা বৃদ্ধিৰ কথা কৈ বিপদত পৰিল দুটাকৈ সন্তানৰ পিতৃ

আমগুৰি, 9 নবেম্বৰ : দিনত নাৰীক আই-মাতৃ অথবা ভনী বুলি সম্বোধন কৰি নিশালৈ অশ্লীল ইংগিত দিয়াৰ সুযোগ বিচাৰি থকা বহু পুৰুষৰ বহু সময়ত মুখা খোল কোৱাৰ কথা আপুনি জানে ৷ পিছে দিন দুপৰতে যুৱতীক দেখি অসৎ কাৰ্য চৰিত্ৰাৰ্থ কৰাৰ উদ্দেশ্য লৈ এইবাৰ পাকত পৰিল দুটাকৈ সন্তানৰ পিতৃ জিতু তামুলী ৷ পেছাত জিতু এজন ব্যৱসায়ী ঘৰ, আমগুৰি জোৰাবাৰী কাণছোৱা গাঁৱত ৷ আপাতঃ দৃষ্টিত এজন গুৰু গম্ভীৰ ভদ্ৰলোক বুলিব পৰা জিতুৰ বিৰুদ্ধে উত্থাপিত হ’ল এটা গুৰুতৰ অভিযোগ ৷

সমুখত যুৱতী দেখি উত্তেজনা বৃদ্ধিৰ কথা কৈ দুৰ্গতি হ’ল দুই সন্তানৰ পিতৃ জিতুৰ

বিবাহিত হোৱাৰ লগতে দুটাকৈ সন্তানৰ পিতৃ গৰাকীয়ে অভিযোগ অনুসৰি বুজি নাপায় নাৰীৰ সন্মান ৷ নাৰীক কেৱল ভোগ বিলাসৰ সামগ্ৰী বুলি গণ্য কৰা আন এচামৰ দৰে জিতুৰো আছে এখন মুখাৰ আঁৰৰ মুখ ৷ শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিলে সংবাদ সেৱাৰ সৈতে জড়িত এগৰাকী যুৱতীয়ে ৷

যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে, ভগ্নী তথা ভাতৃৰ সৈতে বজাৰলৈ যোৱা অৱস্থাত ভগ্নী গৰাকী তথা তেওঁক উদ্দেশ্য কৰি জিতুৱে কৰিছিল অশ্লীল মন্তব্য ৷ আনকি যুৱতী গৰাকীক দেখি জিতুৱে নিজৰ উত্তেজনা বঢ়া বুলিও কৰিছিল মন্তব্য ৷ তেওঁ কৰা আন মন্তব্যবোৰ বাতৰিত প্ৰকাশৰ যোগ্য নহয় যদিও, দিন দুপৰতে এইদৰে যুৱতীক অশ্লীল ইংগিত দিয়াৰ কথাৰ সাক্ষী হৈ ৰৈছিল যুৱতী গৰাকীৰ ভাতৃও ৷

ইয়াৰ পিছত ভুক্তভোগী যুৱতী গৰাকীয়ে তেওঁক প্ৰত্যুত্তৰ দিবলৈ লওঁতেই পলায়ন কৰে জিতুৱে ৷ অৱশেষত আৰক্ষী বিষয়া নাৰায়ণ বড়ো আৰু আন আন স্থানীয় লোকৰ সহযোগত জিতুৰ পৰিচয় তথা সন্ধান লাভ কৰে ভুক্তভোগী যুৱতী গৰাকীয়ে ৷ ইয়াৰ পিছতেই তেওঁ অসৎ চৰিত্ৰ লোকজনৰ বিৰুদ্ধে এটা গোচৰ দাখিল কৰি সমগ্ৰ ঘটনা পোহৰলৈ আনে ৷ এতিয়া প্ৰশ্ন হ’ল দিন দুপৰতে তাকো ভৰা বজাৰতেই যদি মহিলা সুৰক্ষিত নহয় তেন্তে কেনেদৰে চলিছে আমাৰ সমাজ ব্যৱস্থা ? ক’ত আছে মহিলাৰ সুৰক্ষা ?

লগতে পঢ়ক : পুত্ৰক হত্যা কৰি শৌচালয়ৰ গাঁতত পুতি থ'লে পিতৃ-মাতৃয়ে

Last Updated : Nov 9, 2021, 5:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.