ETV Bharat / state

অৰুণাচলৰ ভিন্ন ঠাইত ভয়াবহ ভূমিস্খলন

author img

By

Published : Jun 29, 2022, 8:06 PM IST

অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনত এইপযন্ত পাঁচজন লোকে প্ৰাণ হেৰুৱায় (Many people die in landslides at Arunachal Pradesh) ৷ ছিকিমতো ভয়াৱহ ভুমিস্খলনৰ ফলত পথসমূহ বন্ধ হৈ পৰিছে ৷

many people die in landslides at  Arunachal Pradesh
অৰুণাচল প্ৰদেশৰ ভিন্ন ঠাইত ভয়াবহ ভূমিস্খলন

তেজপুৰ, 29 জুন: মঙলবাৰে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত হোৱা ভয়াৱহ ভূমিস্খলনত (Landslides triggered by heavy rainfall in Arunachal Pradesh ) এই পৰ্যন্ত পাঁচজন লোকে প্ৰাণ হেৰুৱায় (Many people die in landslides at Arunachal Pradesh) ৷ ইফালে নাহৰলগুণত এগৰাকী ৩৬ বছৰীয়া মহিলা জীৱন্তে ঘৰৰ ভিতৰতে সমাধিস্থ হয় ৷ আনহাতে নাহৰলগুণতে এগৰাকী দুবছৰীয়া শিশুৰ সৈতে তিনিজন লোক ভূমিস্খলনৰ ফলত গুৰুতৰভাৱে আহত হয় ৷

দুৰ্যোগ প্ৰশমন বিভাগে জানিবলৈ দিয়া মতে, পাহাৰীয়া ৰাজ্যখনৰ ৰাজধানী ইটানগৰৰ সমীপৰ হতো নামৰ গাঁৱত 9 জন লোকক পাহাৰৰ পৰা নামি অহা পানীয়ে উটুৱাই লৈ যায় আৰু তাৰে চাৰিজন লোক সোঁতত উটি যায় আৰু পাঁচজন লোকক উদ্ধাৰ কৰা হয় । চৰকাৰী তথ্য মতে বালিজান ৰাজহ চক্ৰৰ ককিলা গাঁৱত এগৰাকী মহিলাৰ মৃত্যু হয় । ইফালে, ধাৰাসাৰ বৰষুণৰ ফলত চিয়াং নদীৰ জলপৃষ্ঠ উফন্দি উঠাৰ ফলতে এই ভূমিস্খলনৰ সৃষ্টি হয় (Landslides in Arunachal Pradesh) ৷

লগতে অৰুণাচলৰ বলেং ৰাজহ চক্ৰৰ পথ, পাপুম পাৰে জিলাৰ সংলগ্ন কেইবাটাও পথ, ৪১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাস্থানতো ভূমিস্খলন হোৱাৰ ফলত যাত্ৰীসকলে বহু সময় ধৰি পথৰ দাঁতিতে সময় কটাবলগীয়া হৈছে । আনহাতে চুবুৰীয়া ৰাজ্য ছিকিমতো ভয়াৱহ ভুমিস্খলনৰ ফলত পথসমূহ বন্ধ হৈ পৰিছে আৰু পৰ্যটকৰ বাবে সংশয় আহি পৰিছে বুলি জানিব পৰা গৈছে । লগতে কেইবাস্থানতো ভূমিস্খলন হোৱাৰ ফলত যাত্ৰীসকলে বহু সময় ধৰি পথৰ দাঁতিতে সময় কটাবলগীয়া হৈছে ।

লগতে পঢ়ক: Bihar politics : এইবাৰ বিহাৰতো বিসম্বাদৰ উকমুকনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.