ETV Bharat / state

লক ডাউনে জুৰুলা কৰিছে শৰীৰ চৰ্চা কেন্দ্ৰৰ মালিক তথা কৰ্মচাৰীসকলক

author img

By

Published : Jun 11, 2020, 3:43 PM IST

ভয়ংকৰ বিপদত পৰিছে শৰীৰ চৰ্চা কেন্দ্ৰৰ কৰ্তৃপক্ষ ৷ ঘৰৰ ভাড়া,কৰ্মচাৰীৰ দৰমহা,ঋণৰ ই এম আই আদি পৰিশোধ কৰিব পৰা নাই শৰীৰ চৰ্চা কেন্দ্ৰৰ স্বত্ত্বাধিকাৰীসকলে ৷ কেৱল স্বত্ত্বাধিকাৰীয়ে নহয় বিপদত পৰিছে শৰীৰ চৰ্চা কেন্দ্ৰৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তি ৷

lockdown impact on gym Sivasagar
ভয়ংকৰ বিপদত পৰিছে শৰীৰ চৰ্চা কেন্দ্ৰৰ কৰ্তৃপক্ষ

শিৱসাগৰ,11 জুনঃ লক ডাউনৰ বাবে ভয়ংকৰ বিপদত পৰিছে শৰীৰ চৰ্চা কেন্দ্র সমূহ। সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত থকা জিম সমূহ বিগত দুটা মাহতকৈ অধিক দিন ধৰি বন্ধ হৈ আছে । ফলস্বৰূপে,এই জিম সমূহৰ স্বত্ত্বাধিকাৰী,পৰিচালক,কৰ্মচাৰীসকল ভীষণ অসুবিধাৰ সন্মুখীন হৈছে।

লক্ ডাউনে জুৰুলা কৰিছে শৰীৰ চৰ্চা কেন্দ্ৰৰ মালিক তথা কৰ্মচাৰীসকলক
ঘৰৰ ভাড়া,কৰ্মচাৰীৰ দৰমহা,ঋণৰ ই এম আই আদি পৰিশোধ কৰাৰ ক্ষেত্ৰত ভয়াৱহ আৰ্থিক সংকটৰ সন্মুখীন হৈছে এই খণ্ডৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি। শেহতীয়াকৈ চেলুন,পাৰ্লাৰ,ব্যৱসায়িক প্ৰতিষ্ঠান আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কাম-কাজ কেতবোৰ পুনৰ আৰম্ভ হৈছে নীতি নিদেৰ্শনাৰ মাজেৰে । একেদৰেই জিম সমূহো নীতি নিয়মৰ মাজেৰে খোলাৰ অনুমতি দিয়াৰ পোষকতা কৰিছে এই খণ্ডৰ সৈতে জড়িত ব্যৱসায়ী,খেলুৱৈ,কৰ্মচাৰী আৰু স্বত্ত্বাধিকাৰী সকলে।

লগতে পঢ়কঃ গোলাঘাটত গড়কাপ্তানী বিভাগৰ উন্নয়নৰ নগ্ন স্বৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.