ETV Bharat / state

Locals protest: যান বাহন উপ-পৰিদৰ্শকৰ কৰৰ বোজা সহিব নোৱাৰি অতিষ্ঠ হৈছে আমগুৰিবাসী

author img

By

Published : Mar 18, 2023, 10:36 PM IST

অসমীয়াত এষাৰ কথা আছে লোভে পাপ পাপেই মৃত্যু ৷ খঁকৰ ফলত ৰাইজৰ ৰোষৰ বলি হ’ল আমগুৰিৰ যান বাহন শাখাৰ উপ-পৰিদৰ্শকৰ দায়িত্বত থকা জনৈক সিং (Locals protest against traffic police)৷

Locals protest against traffic branch sub inspector
যান বাহন উপ-পৰিদৰ্শকৰ কৰৰ বোজা সহিব নোৱাৰি অতিষ্ঠ হৈছে আমগুৰিবাসী

বোজা সহিব নোৱাৰি অতিষ্ঠ হৈছে আমগুৰিবাসী

আমগুৰি, ১৭ মাৰ্চ: শিৱসাগৰ জিলাৰ আমগুৰিত এগৰাকী যান বাহন উপ-পৰিদৰ্শকগৰাকীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ অত্যাধিক কৰ সংগ্ৰহেৰে ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি শনিবাৰে ৰাইজৰ ৰোষৰ বলি হ'ল যান বাহন শাখাৰ দায়িত্বত থকা এইগৰাকী উপ-পৰিদৰ্শক (Locals protest against traffic police) ৷

হকে বিহকে কৰ সংগ্ৰহ কৰি আমগুৰিবাসী ৰাইজক হাৰাশাস্তি কৰি আছিল শেহতীয়াকৈ নিযুক্তি লাভ কৰা যান বাহন শাখাৰ উপ-পৰিদৰ্শকগৰাকীয়ে ৷ জানিব পৰা মতে আমগুৰি আৰক্ষী থানাত (Amguri police station) মাত্ৰ কেইটামান দিন পূৰ্বে যোগদান কৰা জনৈক সিং নামৰ যান বাহন শাখাৰ আৰক্ষী উপ-পৰিদৰ্শক গৰাকীয়ে ৰাইজৰ পৰা অবৈধ কৰ সংগ্ৰহ কৰি আহিছিল ৷

ইয়াৰো পৰি যিকোনো লোককে সামান্য কথাতে দুৰ্ব্যৱহাৰ কৰে উপ-পৰিদৰ্শকগৰাকীয়ে ৷ ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পৰা কৰ লোৱাতেই ক্ষান্ত নাথাকি সাধাৰণ শাক পাচলিৰ বেপাৰী এজনকো ৰেহাই নিদিয়ে এই উপ-পৰিদৰ্শকগৰাকীয়ে ৷ ইয়াৰ পিচতে অতিষ্ঠ হৈ আমগুৰিবাসীয়ে আজি এইজন আৰক্ষী উপ-পৰিদৰ্শক বিৰুদ্ধে আৰক্ষী অধীক্ষকগৰাকীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

ইফালে ক্ষোভিত ৰাইজে সংবাদমাধ্যমক জনায়,"শেহতীয়াকৈ যান বাহন নিয়ন্ত্ৰকজনে অবৈধ কৰ সংগ্ৰহ কৰিছে ৷ কিন্তু এই কৰ এতিয়া সাধাৰণ লোকৰ বাবে বোজাস্বৰূপ হৈ পৰিছে ৷ কোনো লোকে যদি 12 হাজাৰ টকাত বাইক কিনে তেনেহ’লে 14 হাজাৰ টকাৰ জৰিমনা ভৰিব লাগে ৷ ইয়াৰোপৰি ব্যাৱসায়ীসকলৰ পৰা জধে-মধে অবৈধভাৱে কৰ সংগ্ৰহ কৰিছে নিয়ন্ত্ৰক গৰাকীয়ে ৷ আমি তেওঁক প্ৰথমে আহ্বান জনাইছিলো ৷ কিন্তু তেওঁ আমাক কথা কওঁতে বহুত উগ্ৰ সুৰত কথা কৈছে ৷ সেইবাবে আমি আজি আমগুৰি স্থানীয় লোক, দল সংগঠনৰ লগতে ব্যৱসায়িক সন্থাই ঐক্যৱদ্ধ হৈ যান বাহন নিয়ন্ত্ৰক বিষয়া জনক বুজনি দিছো যাতে অনাগত দিনত তেওঁ ৰাইজক অলপ সকাহ দি চৰকাৰৰ নীতি নিয়ম অনুসৰি কৰ সংগ্ৰহ কৰে ৷ অন্যথা আমগুৰিবাসী ঐক্যবদ্ধ হৈ তেখেতক ইয়াৰ পৰা বদলিকৰণ কৰিবলৈ বাধ্য হম ৷"

উল্লেখ্য়, যে এই অতপালিৰ বাবে নাজিৰাটো ৰাইজৰ ৰোষৰ সন্মুখীন হৈছিল যান বাহন উপ-পৰিদৰ্শকগৰাকীয়ে । যি সময়ত আৰক্ষী সঞ্চালক প্ৰধানে আৰক্ষীক জনসাধাৰণৰ সৈতে বন্ধুত্ব সুলভ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই আহিছে সেই সময়ত কৰ সংগ্ৰহৰ নামত জনসাধাৰণক হাৰাশাস্তি কৰা এইজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সময়তহে লক্ষ্যণীয় হব ।

লগতে পঢ়ক: HSLC Fake question paper leak : অভিযুক্ত মাছুম আলীৰ বিৰুদ্ধে নগাঁও থানাত ৰুজু গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.