ETV Bharat / state

আমগুৰিত আৰক্ষীয়ে উচ্ছেদ কৰিলে চুলাই ঘাটি - আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰ

আমগুৰিত অব্যাহত আছে আৰক্ষীৰ চুলাই ঘাটি উচ্ছেদ অভিযান ৷ শনিবাৰে আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰৰ নেতৃত্বত আমগুৰিৰ বিভিন্ন অঞ্চলত অভিযান চলায় আৰক্ষীয়ে ৷ অভিযানত চুলাইৰ ঘাটিসমূহৰপৰা মাটিত পুতি থোৱা অৱস্থাত প্ৰায় ২০০০ লিটাৰ চুলাই নষ্ট কৰা হয়।

LIQUEUR DESTROYED AT AMGURI
আমগুৰিত আৰক্ষীয়ে উচ্ছেদ কৰিলে চুলাই ঘাটি
author img

By

Published : May 8, 2021, 8:26 PM IST

আমগুৰি,৮মে': আমগুৰিত অব্যাহত আছে আৰক্ষীৰ চুলাই ঘাটি উচ্ছেদ অভিযান ৷ শনিবাৰে আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰৰ নেতৃত্বত আমগুৰিৰ বিভিন্ন অঞ্চলত অভিযান চলায় আৰক্ষীয়ে ৷ আমগুৰিৰ দেওৰজা কমাৰচুকত বসন্ত গগৈৰ বাসগৃহত অভিযান চলাই চুলাইৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । আৰক্ষীৰ এই অভিযানত চুলাইৰ ঘাটিসমূহৰপৰা মাটিত পুতি থোৱা অৱস্থাত প্ৰায় ২০০০ লিটাৰ চুলাই নষ্ট কৰা হয় ।

আমগুৰিত আৰক্ষীয়ে উচ্ছেদ কৰিলে চুলাই ঘাটি

উল্লেখ্য যে,আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰে বিভিন্ন সময়ত এনে অভিযান চলাই চুলাই প্ৰস্তুতকাৰী ব্যৱসায়ীসকলৰ কাৰণে ত্ৰাসৰ কাৰণ হৈ পৰিছে । আনহাতে আমগুৰিৰ সচেতন লোকে আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ এনে পদক্ষেপক আদৰণি জনাইছে ।

লগতে পঢ়ক:দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.