ETV Bharat / state

নাৰী দিৱসৰ লক্ষ্য প্ৰাপ্তিৰ সংগ্ৰামত দহ গৰাকী মহিলা - শিৱসাগৰ

অৰ্থনৈতিক অধিকাৰ আৰু আয়ৰ সুবিধা বিচাৰি কেঁচুসাৰ উৎপাদনত ব্ৰতী মূলাগাভৰু ৷ আনৰ জাৱৰ উঠাই নিজক স্বাৱলম্বী কৰাৰ চেষ্টা দহগৰাকী মহিলাৰ ৷

LIFE STRUGGLE OF TEN WOMAN FROM SIVSAGAR
নাৰী দিৱসৰ লক্ষ্য প্ৰাপ্তিৰ সংগ্ৰামত দহ গৰাকী মহিলা
author img

By

Published : Mar 8, 2020, 3:06 PM IST

শিৱসাগৰ, 8 মাৰ্চঃ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস বিশ্বৰ মহিলা সকলৰ সম অধিকাৰ আৰু তেওঁলোকৰ ওপৰত চলা শোষণ-বঞ্চনাৰ বিৰুদ্ধে পালন কৰা এক গোলকীয় দিন। এই দিনটোৰ জড়িয়তে পৃথিৱীত নাৰীৰ মান, স্থান আৰু মৰ্যাদাক সন্মান প্ৰদান কৰা হয়। কিন্তু অৰ্থনৈতিক অধিকাৰ, আয়ৰ সম সুবিধা লাভ নকৰাকৈ নাৰী সমাজে প্ৰকৃততে এনে মান-মৰ্যাদা লাভ কৰিব নে ? ইয়াৰ উত্তৰ শিৱসাগৰ নগৰৰ এক মহিলাৰ দল । মূলাগাভৰু আত্মসহায়ক গোটৰ দহ গৰাকী মহিলাই "সৃষ্টি সচ্ছতা গোট"ৰ নামত আগবাঢ়িছে অৰ্থনৈতিক অধিকাৰ আৰু আয়ৰ সুবিধা লাভত।

নাৰী দিৱসৰ লক্ষ্য প্ৰাপ্তিৰ সংগ্ৰামত দহ গৰাকী মহিলা
মূলাগাভৰু গোটৰ দহ গৰাকী মহিলা। শাৰিৰীক বৈষম্য দলিয়াই এই সকল যেন মহিলা নহয়,পুৰুষ । মুখত নাৰী সুলভ কমনীয়তা-মমতা থকাৰ বিপৰীতে বুকুত আছে অদম্য সাহস । যাৰ বাবে এই দহ গৰাকী মহিলাই আগবাঢ়ি আহিছে এক কৰ্ম বিপ্লৱ সৃষ্টিৰ বাবে । মূলাগাভৰু গোটৰ এই সকল মহিলাই বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা শিৱসাগৰ নগৰৰ ১০ নং ৱাৰ্ডত জাৱৰ নিষ্কাষণৰ কাম কৰি আহিছে । কামৰ সৰু-ডাঙৰ বিচাৰ নকৰি সমাজৰ স্বচ্ছতা আৰু আৰ্থিক উন্নয়ণৰ বাবে এই কাম হাতত লৈ মূলাগাভৰু গোটৰ সদস্য সকলে আৰম্ভ কৰিলে এক কেঁচুসাৰ উৎপাদন গোট । মানুহৰ ঘৰৰ পৰা লাভ কৰা জৈৱিক জাৱৰৰ লগতে খেৰ, মেটেকা, কলগছ আদি সংমিশ্ৰণ কৰি নিয়োজিত হৈছে কেঁচুসাৰ উৎপাদনত । কোনো পুৰুষৰ সহায় নোহোৱাকৈ খেৰ কঢ়িওৱা, কলগছ কূটা, জবকা চলোৱা, মাল কঢ়িওৱা আদি সকলো কৰ্ম সম্পাদন কৰে এই সকল মহিলাই । বৰ্তমান শিৱসাগৰ নগৰৰ ফুকন নগৰ অঞ্চলৰ শান্তিধাম আশ্ৰমত এই কেঁচুসাৰ উৎপাদনৰ গোট খুলি মহিলা সকলে প্ৰায় দুহেজাৰ কেজি কেঁচুসাৰ উৎপাদন কৰাৰ লক্ষ্য লৈছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.