ETV Bharat / state

আমগুৰি আৰক্ষীয়ে জব্দ কৰে লালিগুৰ - আমগুৰিত লালিগুৰ জব্দ

আমগুৰি আৰক্ষীৰ অভিযানত জব্দ হল 100 ৰো অধিক লালিগুৰ, পশুখাদ্যৰ নামত নগাঁৱৰ লংকাৰ পৰা সৰবৰাহ কৰা হৈছিল লালিগুৰ ৷

laligur-seized-in-amguri
আমগুৰি আৰক্ষীয়ে জব্দ কৰে লালিগুৰ
author img

By

Published : Nov 19, 2021, 9:41 PM IST

আমগুৰি, 19 নৱেম্বৰ: বৃহস্পতিবাৰে আমগুৰি আৰক্ষীৰ অভিযানত জব্দ হয় লালিগুৰ ৷ AS 04 BC 1655 নম্বৰৰ লালিগুৰ ভৰ্তি বাহনখন পশুখাদ্যৰ নামত নগাঁৱৰ লংকাৰ পৰা সৰবৰাহ কৰা হৈছিল ৷ নগাঁও জিলাৰ পৰা শিৱসাগৰ জিলাৰ গেলেকীলৈ লৈ যোৱা অৱস্থাত আমগুৰি আৰক্ষীয়ে দিকচু অঞ্চলত 100 ৰো অধিক লালিগুৰৰ টিং জব্দ কৰে ৷

আমগুৰি আৰক্ষীয়ে আটক কৰিছে বাহনখনৰ চালক সঞ্জয় সিঙক ৷ আৰক্ষীৰ জেৰাত দিয়া স্বীকাৰোক্তিত বাহনখনৰ স্বত্বাধিকাৰী অনুপম বৰুৱা বুলি জানিব পৰা গৈছে ৷ শিৱসাগৰ জিলাৰ আমগুৰিত একাংশ অসাধু ব্যৱসায়ীয়ে পশুখাদ্যৰ নামত বৰবিহ চুলাই তৈয়াৰত ব্যৱহৃত লালিগুৰৰ ব্যৱসায় চলাই অহাৰ বিষয়টো সৰ্বজনবিদিত ।

laligur seized in amguri
আমগুৰিত অবৈধ লালিগুৰ জব্দ

উল্লেখ্য যে, আমগুৰি এতিয়া ৰূপান্তৰিত হৈ পৰিছে নিচাযুক্ত দ্ৰব্য আৰু নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ লৈ যোৱা অঞ্চল হিচাপে ৷ বিশেষকৈ লালিগুৰ সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ আইন নোহোৱাৰ বাবেই একাংশ অসাধু ব্যৱসায়ীয়ে এনেধৰণৰ কাৰ্যত লিপ্ত হৈ সামাজিক বাতাবৰণ নষ্ট কৰি আহিছে ৷ আমগুৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও দুৰ্বল আইনৰ সুৰুঙাৰে এইসকল অপৰাধীয়ে আমগুৰিত চুলাই তৈয়াৰত ব্যৱহৃত লালীগুৰ সৰবৰাহ কৰি আহিছে ৷

লগতে পঢ়ক: টাইপাৰ নামত ব্যৱসায়ীক ধন দাবী ; স্পষ্টীকৰণ দিলে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.