ETV Bharat / state

নাৰ্চাৰীৰে স্বাৱলম্বীতাৰ বাট প্ৰশস্ত কৃষ্ণ গগৈৰ - লক ডাউন

লক ডাউনে বহু লোকৰে জীৱন বিপৰ্যস্ত কৰি তোলাৰ সমান্তৰালকৈ চৰাইদেউ জিলাৰ লাকুৱাৰ এগৰাকী শিক্ষিত যুৱক কৃষ্ণ গগৈয়ে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ আৰম্ভ কৰিলে এখন নাৰ্চাৰী ৷

স্বাৱলম্বীতাৰ বাট প্ৰশস্ত কৰা কৃষ্ণ গগৈ
স্বাৱলম্বীতাৰ বাট প্ৰশস্ত কৰা কৃষ্ণ গগৈ
author img

By

Published : Aug 7, 2020, 3:57 PM IST

নাজিৰা, 7 আগষ্ট: কৰ'ণা মহামাৰীৰ বাবে জাৰি কৰা লক ডাউনৰ ফলত বিশ্বজুৰি সৃষ্টি হৈছে অৰ্থনৈতিক মন্দাৱস্থাৰ ৷ নিম্নগামী হৈ পৰিছে পৃথিৱীৰ অধিকাংশ দেশৰে অৰ্থনীতি ৷ সমান্তৰালকৈ এই মহামাৰী প্ৰতিহত কৰিবলৈ জাৰি কৰা লক ডাউনৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাৰ বাবে নিবনুৱা হৈ পৰিছে লক্ষ লক্ষ লোক ৷ এনে দুৰ্যোগৰ সময়ত নিজৰ জীৱন সুচাৰুৰূপে চলাই নিয়াৰ উপায় হৈছে স্বাৱলম্বীতা ৷ এই ক্ষেত্ৰত শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়েও প্ৰকাশ কৰিছে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সপোন ৷ যাৰ বাবে নিজকে আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ বহু যুৱক-যুৱতীয়ে ৷

নাৰ্চাৰীৰে স্বাৱলম্বীতাৰ বাট প্ৰশস্ত কৰা কৃষ্ণ গগৈ

পিছ পৰি নাথাকিল চৰাইদেউ জিলাৰ লাকুৱাৰ পথালিগড় অঞ্চলৰ এগৰাকী শিক্ষিত যুৱক কৃষ্ণ গগৈ ৷ নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে সেউজী ধৰণী গঢ়াৰ সপোন চকুত লৈ যুৱকগৰাকীয়ে নিজাববীয়াকৈ আৰম্ভ কৰিলে এখন নাৰ্চাৰী ৷ উদীয়মান যুৱকগৰাকীয়ে নিজৰ নাৰ্চাৰীখনৰ নাম প্ৰদান কৰিলে "প্ৰকৃতি ৷" শুকুৰবাৰে উদীয়মান যুৱকগৰাকীয়ে আৰম্ভ কৰা নাৰ্চাৰীখন উদ্বোধন কৰিলে শিক্ষাবিদ সঞ্জীৱ বাইলুঙে ৷ যুৱকগৰাকীৰ এই পদক্ষেপক বাৰুকৈয়ে শলাগ লৈছে তেওঁৰ শুভাকাংশীসকলৰ লগতে স্থানীয় ৰাইজে ৷ তেওঁ প্ৰমাণ কৰি দেখুৱালে যে, কৰ্মসংস্থাপনৰ বাবে শিক্ষিত যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ পৰিৱৰ্তে নিজৰ ঘৰতে থাকি প্ৰশস্ত কৰিব পাৰে স্বাৱলম্বীতাৰ বাট ৷

লগতে পঢ়ক: ৰামভক্তক বাবৰ ভক্তৰ আক্ৰমণঃ অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.